অসম

assam

ETV Bharat / state

দিল্লীত অমিত শ্বাহ-গাডকাৰী-নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মঙলবাৰে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ASSAM CM
দিল্লীত অমিত শ্বাহ-গাডকাৰী-নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 9:53 PM IST

গুৱাহাটী/হায়দৰাবাদ:দুদিন ধৰি দিল্লীত বাহৰ পাতি থকা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে ৷ গৃহমন্ত্ৰীৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিশেষভাৱে কি আলোচনা কৰিলে সেই বিষয়ে বিতংকৈ জানিব পৰা হোৱা নাই যদিও তেওঁৰ মন্ত্ৰীসভা ৰদ-বদলৰ বিষয়টোৱেই আলোচনা কৰা বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো গৃহমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে তেনে এক ইংগিতেই দিছিল মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে গাডকাৰীক সাক্ষাৎ কৰি অসমত চলি থকা কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে বুলি Xত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । এই সাক্ষাতকালত কেন্দ্ৰীয় পথ পৰিবহণ আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে । বৈঠকত গুৱাহাটী ৰিং ৰোডকে ধৰি চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ ওপৰত বিশদ আলোচনা কৰা হয় ।

X ত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে লিখিছে-"আজি দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীযা আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৱাহাটী ৰিং ৰোডকে ধৰি চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয় ।" আনহাতে অগ্ৰাধিকাৰ ভিত্তিত ৰাজ্যৰ আন্তঃগাঁথনি প্ৰকল্প খৰতকীয়া কৰাৰ ক্ষেত্ৰত গাডকাৰীৰ পৰা লাভ কৰা সঁহাৰিৰ কথা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাইয়ো Xত লিখিছে- " মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ সৈতে এক উৎকৃষ্ট বৈঠকৰ সামৰণি মৰাৰ কথা শ্বেয়াৰ কৰিবলৈ পাই মই সুখী হৈছো ।

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰে বৈঠক মুখ্যমন্ত্ৰীৰ, মঙলবাৰে (ETV Bharat Assam)

লগতে পঢ়ক:লক্ষ্য: ৰাজ্যত ১০০শতাংশ পানীৰ নল সংযোগ কৰা; কেন্দ্ৰীয় জল শক্তিমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

অসমৰ আন্তঃগাঁথনি প্ৰকল্প ক্ষিপ্ৰতাৰে সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাত @MORTHIndia ৰ নিশ্চিতিত আপ্লুত হ’লো ।" বৈঠকত গ্ৰহণ কৰা মূল সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰি ড৹ শৰ্মাই Xত পোষ্ট কৰে- "অসমৰ তিনিটা ফ্লেগশ্বিপ আন্তঃগাঁথনি প্ৰকল্প - গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিডৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুৰংগ নিৰ্মাণৰ কাম সময়মতে আৰম্ভ কৰা; যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্ৰগতি ত্বৰান্বিত কৰা, আমাৰ পূৰ্বৰ মতামতৰ পিছত বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি ডাবল লেনৰ হাইৱেলৈ ৰূপান্তৰকৰণৰ কাম দ্ৰুতগতিত কৰাৰ প্ৰতিশ্ৰুতিয়ে আপ্লুত কৰি তুলিছে ।"

উল্লেখযোগ্য যে যোৱা ২২ অক্টোবৰত দিল্লীত অনুষ্ঠিত হোৱা অন্তিমখন পৰ্যালোচনা বৈঠকত ১২১ কিলোমিটাৰ দৈৰ্ঘৰ গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিডৰ, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বিষয়ে আলোচনা হৈছিল ৷ লগতে, যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে কমলাবাৰী আৰু নিমাতীঘাট সংযোগী মাজুলী দলঙৰ বিষয়েও আলোচনা কৰা হৈছিল । মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণ সন্দৰ্ভত ২ অক্টোবৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ত সকলো অংশীদাৰৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । পলমকৈ হোৱা কামৰ অগ্ৰগতি সম্পৰ্কে সকলো প্ৰাসংগিক দিশৰ ওপৰত বিতংকৈ আলোচনা কৰা হৈছিল ।

লগতে পঢ়ক:হেমন্ত ছোৰেণ বনাম হিমন্ত বিশ্ব শৰ্মা; অসমৰ পৰাও ঝাৰখণ্ডলৈ যাব প্ৰতিনিধি দল

সিদ্ধান্ত লোৱা হৈছিল যে দলঙৰ বৰ্তমানৰ ঠিকাদাৰক সলনি কৰা হ’ব আৰু নতুন ঠিকাদাৰ নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়াটো অগ্ৰাধিকাৰৰ ভিত্তিত আৰম্ভ কৰা হ’ব । মাজুলী সংযোগী দলং প্ৰকল্পক দ্ৰুতগতিত আগুৱাই নিয়াৰ বাবে গাডকাৰীয়ে গ্ৰহণ কৰা নিৰ্ণায়ক সিদ্ধান্তক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই X-ত লিখিছে, "সম্পৰ্কৰ প্ৰতি সচেতনতা লোৱাৰ বাবে @MORTHIndia লৈ কৃতজ্ঞতা । গ্ৰহণ কৰা প্ৰচেষ্টাৰ আমি শলাগ লৈছো আৰু আশা কৰিছো সময়সীমাৰ ভিতৰতে এই প্ৰকল্প অতি সোনকালে শেষ হ’ব ।"

ইয়াৰ উপৰিও মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ২০২৫ৰ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ছামিটলৈ নাড্ডাক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰীয়ে । ড৹ শৰ্মাই নাড্ডাক পি এম জে ৱাই, আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু অন্যান্য কেন্দ্ৰীয় স্বাস্থ্য সম্পৰ্কীয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যই লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়েও অৱগত কৰে ।

লগতে পঢ়ক:দিল্লীৰ সেউজ সংকেতলৈহে অপেক্ষা: সৰু-সুৰা নহয়, ভালকৈয়ে হ'ব পাৰে মন্ত্ৰীসভাৰ ৰদ-বদল

ABOUT THE AUTHOR

...view details