অসমত যকৃৎ সংৰোপনৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ গুৱাহাটী, ২ মাৰ্চ : ৰাজ্যৰ চিকিৎসাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰাৰ পাচতো বহু ৰোগী বাহিৰলৈ যোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ যকৃৎ সংৰোপনৰ বাবে অসমৰ ৰোগীয়ে বাহিৰলৈ গৈ কোটি টকা খৰচ কৰাকলৈ চিন্তা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । যাৰ বাবে মুখ্যমন্ত্ৰীয়ে যকৃৎ সংৰোপনৰ ব্যৱস্থা অসমতে কৰাৰ পোষকতা কৰি ইয়াৰ বাবে চিকিৎসকসকলক আগভাগ ল'বলৈ আহ্বান জনায় ।
উল্লেখ্য যে, শনিবাৰে অত্যাধুনিক সকলো সা-সুবিধাৰে ৩৯৫ কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৩৫০খন বিচনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ভৱনটো ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এই উপলক্ষ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত অসমত যকৃৎ সংৰোপণৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জি এম চি এইচক চিন্তা-চৰ্চা কৰাৰ বাবে আহ্বান জনায় ।
মুখ্যমন্ত্ৰীয়ে কয় যে বাহিৰত গৈ ৰোগীয়ে টকা-পইচা অপচয় কৰাৰ লগতে অংগৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয় । অসমত বছৰি পথ দুৰ্ঘটনাত ৩২০০ লোকৰ মৃত্যু হয় আৰু বহু লোকে অংগদান কৰাৰ বাবেও আগবাঢ়ি আহে । গতিকে অসমত অংগ সংৰোপণৰ ক্ষেত্ৰত সুযোগ-সুবিধা আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । বাহিৰত ৰোগী গ'লে অসমৰ স্বাস্থ্যখণ্ডৰ অক্ষমতা প্ৰকাশ পাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে চিকিৎসকসকলক মিছন লৈ কাম কৰাৰ বাবে আহ্বান জনায় ।
২০২৬ চনৰ আগত অসম কেঞ্চাৰ কেয়াৰৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৩৯৫ কোটি টকা ব্যয়ৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ভৱন মুকলি কৰা হৈছে । শুকুৰবাৰে শিলচৰত কৰ্কট হাস্পতাল মুকলি কৰা হয় । ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাচত ১৭খন কৰ্কট হাস্পতাল নিৰ্মাণৰ লক্ষ্য লোৱা হয় । প্ৰথম পৰ্যায়ত এতিয়ালৈকে ১০ খন মুকলি কৰা হৈছে ।
২০২৬ চনৰ আগত বাকী সাতখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব । এই সম্পূৰ্ণ প্ৰকল্পৰ বাবে ব্যয় হ'ব মুঠ ৩৭০০ কোটি টকা । ইয়াৰে ১১৮০ কোটি টকা টাটা ট্ৰাষ্টৰ আৰু বাকী অসম চৰকাৰৰ । বিগত ১৮ মাহত মুকলি হোৱা কৰ্কট হাস্পতালৰ অ'পিডিত ২ লাখ ১৩ হাজাৰ লোকে সেৱা লাভ কৰিছে । কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰ'টন বীম থেৰাপী অনাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে বুলিও ভাষণত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৩.৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জি এম চি এইচৰ অত্যাধুনিক আদৰ্শ ৰক্ত কেন্দ্ৰ ভাৰ্চুৱেলি মুকলি কৰে । লগতে ৩.৬৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা জি এম চি এইচৰ সম্প্ৰসাৰিত জৰুৰীকালীন বিভাগটো মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।
আনহাতে একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ অধীনত ব্যক্তিগত শৌচালয়ৰ বাবে এক লাখ হিতাধিকাৰীৰ একাউণ্টত ১২ হাজাৰ টকাৰ ৯ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি ভালে সংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক :‘কা’বিৰোধী আন্দোলনৰ পৰিৱৰ্তে আদালতৰ কাষ চপাৰ আহ্বান মুখ্যমন্ত্ৰীৰ