গুৱাহাটী : শনিবাৰে দিনটো মুম্বাইত ব্যস্ত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অহা 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০-ক লৈ মুম্বাইত বিশিষ্ট উদ্যোগপতিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে ৷
- মুকেশ আম্বানীৰে মুখ্যমন্ত্ৰীৰ বৈঠক
শনিবাৰৰ দিনটোত ড৹ শর্মাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানীৰ সৈতে এক বিশেষ সাক্ষাতত মিলিত হয় ৷ এই বৈঠকত তেওঁলোকে উদ্যোগ ৪.০-ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে । লগতে এই পৰিৱৰ্তনশীল যাত্রাত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ সৈতে সম্ভাৱ্য সহযোগিতাৰ বিষয়েও আলোচনা কৰে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি, আগন্তুক এডভাণ্টেজ আছাম ২.০ লৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনায় আম্বানীক । মুখ্যমন্ত্রীৰ আমন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি মুকেশ আম্বানীয়ে আগন্তুক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত গুৱাহাটীলৈ অহাৰ বাবে আগ্ৰহ প্রকাশ কৰে । এই সম্মিলনখন অসম চৰকাৰৰ পৰিকল্পনাসমূহক কার্যৰূপ দিবলৈ এক প্লেটফর্ম হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে ।
- মুম্বাইত উদ্যোগপতি সজ্জন জিন্দালৰে বৈঠক