অসম

assam

ETV Bharat / state

অসমৰ সকলো সাংসদৰ ভিতৰত তপন গগৈৰ দিনত আটাইতকৈ বেছি কাম হৈছে:মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিত বুধবাৰে নিশা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলায় । দলীয় প্ৰাৰ্থী তপন কুমাৰ গগৈৰ দিনত সমষ্টিটোত সৰ্বাধিক কাম হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ ।

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 12:19 PM IST

Lok Sabha Election 2024
অসমৰ সকলো সাংসদৰ ভিতৰত তপন গগৈৰ দিনত আটাইতকৈ বেছি কাম হৈছে

অসমৰ সকলো সাংসদৰ ভিতৰত তপন গগৈৰ দিনত আটাইতকৈ বেছি কাম হৈছে

যোৰহাট,২৮ মাৰ্চ : যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে । এফালে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু আনফালে বিজেপিৰ তপন কুমাৰ গগৈ । দুয়োজন প্ৰাৰ্থীৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কৰিছে সমষ্টিবাসীয়ে । সমষ্টিটোত আকৌ শেহতীয়াকৈ গৌৰৱ গগৈৰ সমৰ্থনত এক ঢৌ আৰম্ভ হোৱাৰ সন্দেহ কৰিছে সমষ্টিবাসীয়ে । এনে পৰিস্থিতিত বিজেপিৰ শীৰ্ষ নেতাসকলে সমষ্টিটোত বাহৰ পাতিছে । কংগ্ৰেছমুখী বতাহক বিজেপিমুখী কৰিবলৈ নেতাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও আৰু এখোজ আগবাঢ়ি তপন কুমাৰ গগৈৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে ।

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ বুধবাৰে নিশা তিতাবৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী । নিৰ্বাচনী প্ৰচাৰ অভিযানৰ লগতে তিতাবৰৰ ঠেঙাল ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ এক যোগদান কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে । য'ত অঞ্চলটোৰ কেইবাখনো চাহ বাগিচাৰ ভোটাৰ তথা চাহ মজদুৰ সংঘৰ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁৰ মতে তপন গগৈ ৰাজ্যখনৰ শ্ৰেষ্ঠ সাংসদ । তপন কুমাৰ গগৈৰ কাৰ্যকালতে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক কাম হোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা সন্দৰ্ভতো কেইবাটাও আকৰ্ষণী মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিধায়ক ভাস্কৰ বৰুৱাক বিজেপিলৈ আনিবলৈ তেওঁৰ ইচ্ছা নাই । মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে তিতাবৰৰ বিধায়কে কামেই কৰিব নোখোজে, তেওঁ আনে কৰা কামৰ ক্ৰেডিট ল'বলৈ যায় । তিতাবৰৰ বিধায়কজনে বিজেপিলৈ আহো আহো কৰি থাকে কিন্তু তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক তেওঁ হে দললৈ আনিব খোজা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ মতে তেওঁক বিজেপিলৈ আনিলে পুনৰ দলীয় টিকট দিব লাগিব, যাৰ ফলত তিতাবৰৰ ৰাইজ ক্ষতিগ্ৰস্ত হ'ব ।

আনহাতে সংসদত কথা কোৱা-নোকোৱা নেতাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সংসদত কথা কোৱা নোকোৱাক লৈ বিৰোধীয়ে কেৱল হাৱা উলিয়াই আছে । সংসদত গৈ কংগ্ৰেছে আজিলৈকে অসমৰ কোনো কথাই কৈ নাপালে বুলি তেওঁ অভিযোগ কৰে । তিতাবৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, অজন্তা নেওগ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সাংসদ পল্লৱ লোচন দাস, বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ, সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :সৰ্বানন্দ-লুৰীণৰ ভিতৰত কাৰ ধনবল বেছি ? ১০ বছৰত কিমান সম্পত্তি বাঢ়িল সোণোৱালৰ ? - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details