তিনিচুকীয়া: বহু জল্পনা-কল্পনাৰ অন্তত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো অন্তিম বিন্দুত উপনীত হৈছে ৷ অহা শনিবাৰে অসমৰ চাৰিগৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ বৰ্তমানৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰিছে যদিও নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিবলগীয়া চাৰিজন বিধায়কৰ মাজত আছে তিনিচুকীয়াৰ আন এগৰাকী বিধায়ক ৷ তেওঁ হৈছে ডুমডুমা সমষ্টিৰ বিধায়ক তথা চাহ জনগোষ্ঠীৰ অন্যতম প্ৰতিনিধি ৰূপেশ গোৱালা ৷
বৃহস্পতিবাৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত এটা পোষ্টযোগে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিবলগীয়া বিধায়ক চাৰিগৰাকীৰ নাম উল্লেখ কৰাৰ পাছতেই বিধায়ক কেইগৰাকীৰ সমষ্টিত দেখা গৈছে উছৱমুখৰ পৰিৱেশ ৷
মন্ত্ৰিত্বৰ বাবে মনোনীত হোৱাৰ খবৰ লাভৰ পাছতে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহত আনন্দ উল্লাস কৰে বিজেপি কৰ্মীসকলে । ফটকা ফুটাই, মিঠাই বিতৰণ কৰি বিজেপি জিন্দাবাদ, ৰূপেশ গোৱালা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ শ্ল’গানেৰে ডুমডুমা চহৰ মুখৰিত কৰি তোলে সমৰ্থকসকলে ৷