লখিমপুৰ, ১ ছেপ্টেম্বৰ :শেহতীয়াকৈ ৰাজ্যৰ জনতাক স্মাৰ্ট মিটাৰে জুৰুলা কৰাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্য়াহত আছে । ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই নিতৌ দল-সংগঠনৰ লগতে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দেওবাৰে লখিমপুৰত অসমীয়া যুৱ মঞ্চই সাব্য়স্ত কৰিলে এক অভিনৱ প্ৰতিবাদ ।
অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ (ETV Bharat Assam) স্মাৰ্ট মিটাৰ উটুৱাই দি প্ৰতিবাদ :
অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৰঙানদীত প্ৰতীকী স্মাৰ্ট মিটাৰ উটুৱাই দি নৈৰ বুকুত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে অসমৰ ৰাইজকো স্মাৰ্ট মিটাৰ দলিয়াই দিবলৈ আহ্বান জনায় ।
শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাৰ পদক্ষেপৰ দাবী :
অসমীয়া যুৱ মঞ্চৰ সদস্য়সকলে ৰঙানদীৰ বক্ষত নামি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতীকী স্মাৰ্ট মিটাৰ নদীৰ পানীত উটুৱাই দিয়ে । প্ৰতিবাদকাৰীসকলে ' অসম চৰকাৰ হায় হায় ',' বিদ্যুৎ বিভাগ হায় হায় ',' বিজেপি মুৰ্দাবাদ,'শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাই পদত্যাগ কৰক ' আদি শ্লোগান দি নদীৰ বক্ষ উত্তাল কৰি তোলে ।
এই প্ৰতিবাদত অংশগ্রহণ কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই স্মাৰ্ট মিটাৰক তেজপিয়া মিটাৰ বুলি আখ্য়া দি তেওঁ কয়, "স্মাৰ্ট মিটাৰে জনসাধাৰণৰ তেজ শুহি খাইছে । মাহত হেজাৰ হেজাৰ টকাৰ বিল আহে স্মাৰ্ট মিটাৰৰ পৰা । যাৰবাবে জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ।" অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদকগৰাকীয়ে অসম চৰকাৰক অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনায়, অন্যথা ৰাইজক লগত লৈ জংগী আন্দোলন কৰিব বুলিও সকীয়াই দিয়ে ।