ETV Bharat Assam

অসম

assam

ETV Bharat / state

সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে ASDC আৰু KSA য়ে - KSA PROTEST

Press Conference in Diphu: কাৰ্বি আংলং PGR আৰু VGR ভূমি বেদখলমুক্ত কৰাকলৈ KSA সদস্যক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ডিফুত ASDC Youth Front আৰু KSA ৰ যুটীয়া সংবাদমেল । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আলোচনাৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ পাছতে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ কথা উল্লেখ কৰে সংবাদমেলত ।

Joint PC of ASDC Youth Front and KSA
সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে ASDC আৰু KSA য়ে
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 2:12 PM IST

সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে ASDC আৰু KSA য়ে

ডিফু,১৭ ফেব্ৰুৱাৰী:কাৰ্বি-আংলঙৰ PGR-VGR ভূমিৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত অহা ১৯ ফেব্ৰুৱাৰীত আলোচনা অনুষ্ঠিত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আমন্ত্ৰণ লাভ কৰাৰ পিছতে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে ASDC Youth Front আৰু কাৰ্বি ছাত্ৰ সন্থাই ।

যোৱা বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হোৱা ASDC Youth Front আৰু কাৰ্বি ছাত্ৰ সন্থাই সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ কথা উল্লেখ কৰে । ডিফুত ASDC ৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সংগঠনকেইটাৰ নেতৃত্বই । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলোচনাৰ অন্তত ২০ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙৰ সকলো দল, ছাত্ৰ-সংগঠন, সামাজিক সংগঠনৰ নেতৃত্বৰ মাজত আলোচনাত অনুষ্ঠিত হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

কাৰ্বি আংলং পৰিষদৰ সৈতে হোৱা আলোচনা সফল নহ'লে পুনৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন চলাই যাব প্ৰতিবাদী সংগঠনসমূহে । কাৰ্বি আংলঙত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা হোৱা নাই বুলি উল্লেখ কৰি এই বন্ধ স্বতঃস্ফূৰ্তভাৱে হোৱা বুলি কয় প্ৰতিবাদকাৰীসকলে । সংবাদমেলত আক্ৰমণ সংঘটিত হোৱাৰ সবিশেষ উল্লেখ কৰে সংগঠনৰ বিষয়ববীয়াই । ইফালে, ডিফু বজাৰ কমিটিৰ আহ্বানক্ৰমে দেওবাৰে আংশিকভাৱে ডিফুৰ দৈনিক বজাৰ খোলা পৰিলক্ষিত হয় । আনহাতে বজাৰ বন্ধ কৰিবলৈ অহা দুজনমান যুৱকক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ভূমিৰ পট্টাৰ বাবে কাৰ্বি আংলঙত সাব্যস্ত হৈ আহিছে তীব্ৰ প্ৰতিবাদ ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ভিলেজ গেজিং ৰিজাৰ্ভ আৰু প্ৰফেচনেল গেজিং ৰিজাৰ্ভত বসবাস কৰা লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে দাবী জনায় আহিছে প্ৰতিবাদকাৰীসকলে ৷ মাটিৰ পট্টা নিদিবলৈ বৃহস্পতিবাৰে ডংকাত ASDC দলৰ য়ুথ ফ্ৰন্টে প্ৰতিবাদ কৰিছিল ৷

লগতে পঢ়ক:দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details