তিনিচুকীয়া, ৯ আগষ্ট:চলিত অমৃত বৃক্ষ আন্দোলন-২ ৰ সময়তে তিনিচুকীয়া জিলাত ২৫ খন গ্ৰাম্য অৰণ্য নিৰ্মাণ কৰা হ'ব। জিলাখনৰ সকলো প্ৰান্তকে সামৰি অন্ততঃ এক হেক্টৰ পৰিসৰত একোখনকৈ অমৃত অৰণ্য নিৰ্মাণ কৰা হ'ব । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিছে এই কথা ৷
শুকুৰবাৰে তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই পৰিকল্পনাত সঁহাৰি জনাই মূলতঃ এম জি এনৰেগা আঁচনিৰ অধীনত এই অভিনৱ কাৰ্যসূচী ৰূপায়নৰ নিৰ্দেশ দিয়ে ।
ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিঙক কয় যে, যিসকল জবকাৰ্ডৰ অধিকাৰীয়ে ইচ্ছা কৰে তেওঁলোকক সম্পূৰ্ণ এশদিনৰ কাম দি এই প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগে ।
এই গ্ৰাম্য হাবিবোৰত কাঁটা তাঁৰৰ বেৰা দিয়াৰ বাবে বিভাগৰ পৰা ধন ব্যয়তো তেওঁ অনুমোদন জনায় । মন্ত্ৰীগৰাকীয়ে এনে সুন্দৰ আৰু অভিনৱ উদ্ভাৱনীমূলক পৰিকল্পনা হাতত লোৱাৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালসহ প্ৰশাসনীয় বিষয়াসকলক ধন্যবাদ জনায় । তেওঁ কয় যে, এই বনাঞ্চলসমূহে ৰাজ্যত সেউজ পৰিবেশ গঢ়ি তোলাৰ লগতে পৰিবেশ আৰু ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ৰাজ্যৰ ভিতৰতে এয়া প্ৰথম আভিনৱ পদক্ষেপ বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ।
উল্লেখ্য যে, চলিত অমৃত বৃক্ষ আন্দোলন-২ ৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডকে সামৰি যিবোৰ ঠাইত অন্ততঃ এক হেক্টৰ চৰকাৰী বিবাদহীন খালী ঠাই আছে সেইবোৰ ঠাইত মূল্যৱান গছপুলি ৰোপণ কৰি একো একোখন বনাঞ্চল গঢ়ি তোলাৰ পৰিকল্পনা যুগুত কৰা হৈছে ।