কাজিৰঙা, 16 জুলাই:বানত বিধ্বস্ত অসম ৷ মানুহৰ লগতে জীৱকুলেও আলৈ-আহুকালৰ সন্মুখীন হৈছে এই আহাৰমহীয়া বানত ৷চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত 10 টা গঁড়কে ধৰি 212 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । বান শুকাই যোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহু বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে জনোৱা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ 233 টা বন শিবিৰৰ 26 টা এতিয়াও বানৰ কবলত । আগৰাতলিৰ 34 টা শিবিৰৰ ভিতৰত দুটা শিবিৰ এতিয়াও পানীৰ তলত ৷ আনহাতে, কাজিৰঙাৰ 58 টা শিবিৰৰ ভিতৰত 15 টা আৰু বাগৰিৰ 39 টা শিবিৰৰ ভিতৰত 9 টা শিবিৰত পাঁচ ফুটতকৈ অধিক পানী আছে ।
বানৰ পানী কমি অহাত ইতিমধ্যে পুনৰ শিবিৰলৈ উভতি আহিছে বনকৰ্মীসকল । বছৰৰ প্ৰথমটো বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাষৰীয়া অঞ্চলসমূহ ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে । এই বানৰ ফলত উদ্যানখনৰ ভিতৰৰ ওখ স্থানত বহু বন্যপ্ৰাণীয়ে আশ্ৰয় লোৱাৰ বিপৰীতে উদ্যানখনৰ আশে-পাশে থকা অঞ্চল আৰু দক্ষিণ কাৰ্বি পাহাৰত খাদ্য আৰু নিৰাপত্তাৰ সন্ধানত বিভিন্ন বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানখন এৰি থৈ গৈছে ।
বন বিভাগৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে দিনে-নিশাই এই বন্যপ্ৰাণী প্ৰজাতিক সুৰক্ষা প্ৰদান কৰি আহিছে । বৰ্তমানেও উদ্যানখনৰ ভিতৰত বানত আৱদ্ধ অথবা দক্ষিণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱাৰ সময়ত বহু বন্যপ্ৰাণী আহত হৈছে ।