অসম

assam

ETV Bharat / state

বিদেশী খেদিবলৈ 'শুভ মহুৰত' লাগে নেকি ? অসম চৰকাৰক ভৰ্ৎসনা ছুপ্ৰিম কোৰ্টৰ - SC SLAMS ASSAM GOVT

"আপোনালোকে শুভ মহুৰতৰ বাবে অপেক্ষা কৰি আছে নেকি ?" চিনাক্ত হোৱা বিদেশী বিতাড়ন নকৰাৰ বাবে অসম চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ ।

SC slams Assam govt
প্ৰতিনিধিত্বমূলক ছবি (Getty Image)

By PTI

Published : Feb 5, 2025, 10:17 AM IST

নতুন দিল্লী :অসমৰ বিদেশী সমস্যা এক জ্বলন্ত সমস্যা, ইয়াত কাৰো দ্বিমত নাই । আনহাতে, অসমত অনুপ্ৰৱেশৰ সমস্যা, অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়নৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছে । ইয়াৰ বাবে আছে বিদেশী ন্যায়াধিকৰণ । এই ন্যায়াধিকৰণৰ জৰিয়তে অবৈধ বিদেশীক চিনাক্ত কৰা হয় । পৰৱৰ্তী সময়ত চিনাক্ত বিদেশীক বিতাড়নৰ দায়িত্ব চৰকাৰৰ ।

কিন্তু অসম চৰকাৰে চিনাক্ত বিদেশীক বিতাড়নৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে । বিদেশী বিতাড়নৰ ক্ষেত্ৰত কিমান সক্ৰিয় ৰাজ্য চৰকাৰ ? সঁচাকৈয়ে ৰাজ্য চৰকাৰৰ বিদেশী বিতাড়নৰ ক্ষেত্ৰত সদিচ্ছা আছেনে ? এই বিষয়বোৰ স্পষ্ট হৈ পৰিছে দেশৰ শীৰ্ষ ন্যায়ালয়ৰ এক পৰ্যবেক্ষণত ।

ৰাজ্য চৰকাৰে বিদেশী বিতাড়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয় । কেৱল সেয়াই নহয়, এইক্ষেত্ৰত চৰকাৰক তীব্ৰ সমালোচনাও কৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে । যাৰ বাবে মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে , "আপোনালোকে শুভ মহুৰতৰ বাবে অপেক্ষা কৰি আছে নেকি ?" লগতে বিদেশী হিচাপে ঘোষণা কৰা লোকসকলক বিতাড়ন কৰাৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে আটকাধীন লোকসকলক এবাৰ যদি বিদেশী বুলি ঘোষণা কৰা হয়, তেন্তে তেওঁলোকক তৎক্ষণাৎ বিতাড়ন কৰা উচিত ।

"তেওঁলোকৰ ঠিকনা নাজানো বুলি কৈ আপোনালোকে তেওঁলোকৰ নিৰ্বাসন আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিছে । এইটো আমাৰ চিন্তাৰ বিষয় কিয় হ'ব লাগে ? আপোনালোকে তেওঁলোকক বিদেশলৈ বিতাড়ন কৰিব লাগে। আপোনালোকে ইয়াৰ বাবে শুভ মহুৰতৰ বাবে অপেক্ষা কৰি আছে নেকি ?

"এবাৰ যদি আপোনালোকে কোনোবা এজন ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে, তেন্তে আপোনালোকে পৰৱৰ্তী যৌক্তিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব । আপোনালোকে তেওঁলোকক অনন্তকাললৈ আটক কৰি ৰাখিব নোৱাৰে । ইয়াত সংবিধানৰ ২১ নং অনুচ্ছেদৰ কথা আছে । অসমত বহু বিদেশী ডিটেনচন চেণ্টাৰত আছে । তাৰে ভিতৰত কিমানজনক আপোনালোকে বিতাড়ন কৰিছে ?" বিচাৰপীঠে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক কয় ।

শীৰ্ষ আদালতে লগতে ডিটেনচন চেণ্টাৰত ৰখা ৬৩ জন লোকক দুসপ্তাহৰ ভিতৰত বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু ইয়াক অনুপালনৰ শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে বিচাৰপীঠে অসমৰ ডিটেনচন চেণ্টাৰসমূহত থকা বিদেশীসকলক প্ৰদান কৰা সুবিধা আৰু বিদেশী ঘোষণা কৰা ব্যক্তিসকলক বিতাড়ন সম্পৰ্কে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই পৰ্যবেক্ষণ আগবঢ়ায় ।

লগতে পঢ়ক :যিকোনো সমস্যাৰ বাবে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ডিজিপিক; কেনেকৈ ? - DGP IN CHARGE HARMEET SINGH
লগতে পঢ়ক :দেশমাতৃৰ সেৱা আগবঢ়াই বীৰৰ দৰে উভতিল চুবেদাৰ মেজৰ শুক্ক বৰুৱা - RETIRED ARMY PERSONNEL

ABOUT THE AUTHOR

...view details