অসম

assam

ETV Bharat / state

গুপ্তেশ্বৰ দেৱালয়ৰ সমীপৰ মন্দিৰত খনন : উদ্ধাৰ বহু পৌৰাণিক সমল - Sonitpur Gupteshwar temple - SONITPUR GUPTESHWAR TEMPLE

Sonitpur Gupteshwar temple: ইতিহাস সমৃদ্ধ শোণিতপুৰ জিলাৰ গুপ্তেশ্বৰ দেৱালয়ৰ সমীপত বহু পৌৰাণিক সমল উদ্ধাৰ । দেৱালয়ৰ সমীপৰ মন্দিৰত খনন চলাই প্ৰত্নতাত্বিক বিভাগে উদ্ধাৰ কৰে আহোম যুগ আৰু তাৰ পূৰ্বৰ মন্দিৰৰ ভগ্নাৱশেষ । বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে ।

Sonitpur Gupteshwar temple
গুপ্তেশ্বৰ দেৱালয়ৰ সমীপৰ মন্দিৰত খনন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 6:12 PM IST

তেজপুৰ,১৫ জুন :শোণিতপুৰ জিলাৰ শিঙৰীত থকা গুপ্তেশ্বৰ দেৱালয়ৰ সমীপত এক খননকাৰ্যত উদ্ধাৰ হৈছে ঐতিহাসিক সমল । মন্দিৰৰ তলতে উদ্ধাৰ হৈছে পৌৰাণিক মন্দিৰৰ ভগ্নাৱশেষ । প্ৰায় ৪ ফুট গভীৰতাত আহোম যুগৰ মন্দিৰ আৰু তাৰ তলত আহোম যুগৰ পূৰ্বৰ ভগ্নাৱশেষ অর্থাৎ খ্ৰীষ্টীয় ষষ্ঠ আৰু সপ্তম শতিকাৰ ইটাৰ গাঁথনি থকা মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ৰাজ্যিক প্ৰত্নতাত্বিক বিভাগে ।

গুপ্তেশ্বৰ দেৱালয়ৰ সমীপৰ মন্দিৰত খনন (ETV Bharat)

প্ৰত্নতাত্বিক বিভাগৰ বিষয়া প্ৰিয়ংকা পাতিৰে ই টিভি ভাৰতক জনোৱা মতে উদ্ধাৰ হোৱা মূৰ্তিৰ ভিতৰত এটা শিৱৰ নন্দী-ভৃঙ্গীৰ মূৰ্তি ৷ এই আৰ্হি সম্ভৱতঃ শালস্তম্ভ যুগৰ বুলি অনুমান কৰা হৈছে । তেওঁ কয় যে খননকাৰ্যত উদ্ধাৰ হোৱা এই সামগ্ৰীৰ বিষয়ে পৰ্যালোচনা চলি আছে । একে স্থানতে খননকাৰ্যত শিলত খোদিত পদুম ফুলৰ আকৃতিৰ সম্পদো উদ্ধাৰ হৈছে । যাক 'বিশ্বপদ্ম' বুলি উল্লেখ কৰিছে পাতিৰে ।

আনহাতে উক্ত খননকাৰ্যৰ বিষয়ে গুপ্তেশ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপ-সভাপতি তুলসী বৰঠাকুৰে শনিবাৰে ই টিভি ভাৰতক জনায় যে অসম চৰকাৰৰ 'ছিগনেছাৰ' আঁচনিৰ জৰিয়তে গুপ্তেশ্বৰ দেৱালয়ত মন্দিৰ নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে গাঁত খান্দোতে ৪ ফুট তলত এই মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছে যিটো আহোম যুগৰ আৰু তাৰ কিছু তলত অৰ্থাৎ ৮ ফুট গভীৰতাত আহোম যুগৰ পূৰ্বৰ আৰু শিলত খোদিত সমল উদ্ধাৰ হয়, যিটো ষষ্ঠ শতিকাৰ শালস্তম্ভ ৰাজত্ব কালৰ বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য যে, ইতিহাস সমৃদ্ধ আৰু প্ৰত্নতাত্বিক সমলৰে পৰিপূৰ্ণ শিঙৰী অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন স্থানত প্ৰত্নতাত্বিক সমল সিঁচৰতি হৈ আছে বুলি অনুমান কৰা হয় ৷ এসময়ত ঋষি শৃংগ মুনিৰ আশ্ৰম থকাৰ বাবেই শিঙৰী নামৰ উৎপত্তি হোৱা বুলি এক লোককথা আছে ৷ শিৱ, বিশ্বৰ্কমা, বাণ ৰজাকে ধৰি এই শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰক লৈ বিভিন্ন আখ্যান জড়িত হৈ আছে ৷ শিঙৰীৰ বহুতো প্ৰবাদ আছে, সেই অনুসৰি শৃংগ ঋষিয়ে এই পাহাৰত ধ্যান কৰি আছিল যাৰ বাবে ইয়াক শিঙৰীৰ নামেৰে জনাজাত । লগতে এই স্থান বৌদ্ধ ধৰ্মৰ আৰু ভূটানৰ লোকসকলৰ ধৰ্মীয় উপাসনাৰস্থলী হিচাপেও জনাজাত । পূৰ্বতে তেওঁলোকে ইয়াত পূজা অৰ্চনা কৰিবলৈ আহিছিল ।

লগতে এই স্থানতে বিশ্বকৰ্মা মূৰ্তি আৰু মন্দিৰ আছে । শিঙৰী অঞ্চলত পৰিপূৰ্ণ হৈ থকা প্ৰত্নতাত্বিক সমলকে ধৰি শিঙৰী মন্দিৰৰ আখ্যান প্ৰবাদ আৰু সমৃদ্ধ ইতিহাসৰ ওপৰত কোনো ধৰণৰ গৱেষণা হোৱা নাছিল যদিও সম্প্ৰতি শিঙৰী আৰু ইয়াৰ গুপ্তেশ্বৰ মন্দিৰক লৈ প্ৰত্নতাত্বিক বিভাগে পৰীক্ষামূলকভাৱে চলোৱা খননত বহুতো তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ শিঙৰীৰ লগতে গুপ্তেশ্বৰ দেৱালয় কেনেধৰণৰ প্ৰত্নতাত্বিক সমলৰে সমৃদ্ধ আৰু এয়া কোন কালৰ সেই লৈয়ো শেহতীয়াভাৱে উদঘাটন হৈছে পৌৰাণিক তথ্য ৷

মন কৰিবলগীয়া যে প্ৰত্নতাত্বিক বিভাগে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি আছে । কিন্ত এই অঞ্চলত খনন চলালে হয়তো আৰু বহুতো ঐতিহাসিক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে । সমগ্ৰ অঞ্চলটোৰ খনন সম্পূৰ্ণ কৰিবলৈ প্ৰায় এবছৰ লাগিব আৰু সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি বৰঠাকুৰে অৱগত কৰে । এক কথাত এতিয়া গুপ্তেশ্বৰ দেৱালয়ৰ সমীপত থকা মন্দিৰৰ তলতে পৌৰাণিক সভ্যতাৰ মন্দিৰ উদ্ধাৰ হৈছে ।

খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ পৰা দশম শতিকালৈ শালস্তম্ভ ৰাজত্ব কালত অসমৰ কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী সম্প্ৰসাৰণ দৰং জিলালৈ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত হৰুপেশ্বৰ অৰ্থাৎ বৰ্তমানৰ তেজপুৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল । বৰঠাকুৰে জনোৱা মতে এই সমগ্ৰ গুপ্তেশ্বৰ অঞ্চলত খননকাৰ্য চলালে আৰু বহুতো প্ৰাগ ঐতিহাসিক ঘটনা বা তথ্য পোহৰলৈ আহিব । উল্লেখ্য যে শোণিতপুৰৰ এনে সমলসমূহ বিভিন্ন সময়ত উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও বৰ্তমানলৈ ইয়াৰ সঠিক মূল্যায়ন দেখা পোৱা নাই ।

লগতে পঢ়ক :বিস্ফোৰক তথ্য উদ্ঘাটনৰ পিচতো মিথ্যাত পৰিণত নহয়তো ‘ন্যায়’ শব্দটো ? - IIT Kharagpur Assam Student Death

ABOUT THE AUTHOR

...view details