অসম

assam

ETV Bharat / state

নিষেধাজ্ঞা ভংগ কৰি ওৰেনিশা ফুটিল ফটকা-আতচবাজী: গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি

বায়ুৰ গুণমান সূচকাংক কিমান হ'লে বিপজ্জনক বুলি ধৰা হয় জানেনে ? দীপাৱলীৰ সময়ত গুৱাহাটীত কিমানলৈকে বৃদ্ধি পাইছিল বায়ুৰ গুণমান সূচকাংক ?

AQR IN GUWAHATI
গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 4:49 PM IST

গুৱাহাটী: পোহৰৰ উৎসৱ দীপাৱলীৰ উছাহ-উদ্দীপনা দ্বিতীয় দিনাও ৰাজ্যজুৰি অব্যাহত থাকে । চাকি-বন্তি জ্বলাই, ফটকা আতচবাজীৰে দীপাৱলী উদ্‌যাপন কৰা হয় । লক্ষণীয়ভাৱে গুৱাহাটীৰ কোনো কোনো অঞ্চলত পোহৰৰ উৎসৱক প্ৰদূষণ আৰু শব্দৰ উৎসৱলৈ ৰূপান্তৰিত কৰি ওৰেনিশা ফটকা-আতচবাজী জ্বলোৱা পৰিলক্ষিত হয় ।

উল্লেখ্য যে বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত নিশা ১০ বজাৰ পাছত ফটকা-আতচবাজী ফুটোৱাত মহানগৰ আৰক্ষীয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা আজি পুৱতি নিশালৈকে ফাঁচী বজাৰ, গণেশগুৰি আদি অঞ্চলত ফটকা-আতচবাজীৰ শব্দ শুনা পোৱা যায় । এইক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

গুৱাহাটীত কেতিয়া কিমান আছিল বায়ুৰ গুণমান সূচকাংক (ETV Bharat Assam)

ইপিনে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ৰ তথ্য মতে, দীপাৱলীৰ পিছত গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক (এ কিউ আৰ) বৃদ্ধি হৈছে । অৱশ্যে বায়ুৰ গুণমান সূচকাংক দীপাৱলীৰ পিছত গুৱাহাটীত শনিবাৰে মধ্যম (moderate) অৱস্থাত থকা ৰেকৰ্ড কৰা হৈছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ৰ তথ্য মতে, যোৱা দুবছৰৰ পিছত গুৱাহাটীত দীপাৱলীৰ পিছদিনাখন বায়ুৰ গুণমান সূচকাংক সামান্য বৃদ্ধি হৈছে ।

দীপাৱলীৰ পিছত গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি:

পৰিষদৰ কাৰ্যালয়ৰ তথ্য মতে ২০২০ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক আছিল ১১৭ ,দীপাৱলীৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১২০, দীপাৱলীৰ পিছৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১৭৩ ।

গুৱাহাটীত কেতিয়া কিমান আছিল বায়ুৰ গুণমান সূচকাংক (ETV Bharat Assam)

ঠিক সেইদৰে ২০২১ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক আছিল ১০৬ ,দীপাৱলীৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১১০, দীপাৱলীৰ পিছৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ২৩০ । ২০২২ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক আছিল ৮১ ,দীপাৱলীৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ৪৭ , দীপাৱলীৰ পিছৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১৩৯ ।

২০২৩ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক আছিল ৬৫ ,দীপাৱলীৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ৭১ , দীপাৱলীৰ পিছৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১৪৩ । এইবাৰ অৰ্থাৎ ২০২৪ চনত দীপাৱলীৰ আগদিনা গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক আছিল ৭৩ ,দীপাৱলীৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ৮৫ , দীপাৱলীৰ পিছৰ দিনা বায়ুৰ গুণমান সূচকাংক আছিল ১৫৫ ।

গুৱাহাটীত কেতিয়া কিমান আছিল বায়ুৰ গুণমান সূচকাংক (ETV Bharat Assam)

নিয়ম অনুসৰি বায়ুৰ গুণমান সূচকাংক ০ ৰ পৰা ৫০ ভিতৰত থাকিলে ভাল (good) বুলি ধৰা হয় । বায়ুৰ গুণমান সূচকাংক ৫১ ৰ পৰা ১০০ ভিতৰত থাকিলে সন্তোষজনক (Satisfactory) বুলি ধৰা হয় । বায়ুৰ গুণমান সূচকাংক ১০১ ৰ পৰা ২০০ ভিতৰত থাকিলে মধ্যম (Moderate) বুলি ধৰা হয় ।

নিষেধাজ্ঞা ভংগ কৰি ওৰেনিশা ফুটিল ফটকা-আতচবাজী: গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক বৃদ্ধি (ETV Bharat Assam)

বায়ুৰ গুণমান সূচকাংক ২০১ ৰ পৰা ৩০০ ভিতৰত থাকিলে বেয়া (poor) বুলি ধৰা হয় । সেই অনুসৰি যোৱা পাঁচবছৰত (২০২১ চনক বাদ দি) গুৱাহাটীত দীপাৱলীৰ পিছদিনা বায়ুৰ গুণমান সূচকাংক ১০১ ৰ পৰা ২০০ ভিতৰত অৰ্থাৎ মধ্যম( Moderate) অৱস্থাত আছে ।

লগতে পঢ়ক:পোহৰৰ উৎসৱত জলমল সত্ৰপীঠ মাজুলী

ABOUT THE AUTHOR

...view details