অসম

assam

ETV Bharat / state

নেশ্যনেল স্ক'লাৰশ্বিপ প'ৰ্টেল; উত্তৰ-পূবৰ শিক্ষাৰ্থীয়ে কেনেদৰে কৰিব আবেদন ? - NATIONAL SCHOLARSHIP PORTAL

NEC Merit Scholarship: ১৫ নৱেম্বৰৰ ভিতৰত উত্তৰ-পূবৰ শিক্ষাৰ্থীয়ে মেৰিট স্ক'লাৰশ্বিপৰ অধীনত মেট্ৰিকৰ পিছত মেধা বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব ।

NEC Merit Scholarship
নেশ্যনেল স্ক'লাৰশ্বিপ প'ৰ্টেল;উত্তৰ-পূৱৰ শিক্ষাৰ্থীয়ে কেনেদৰে কৰিব আবেদন (ANI)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 1:54 PM IST

শ্বিলং : উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ । মেধা বৃত্তিৰ বাবে নেশ্যনেল স্ক'লাৰশ্বিপ প'ৰ্টেলত আবেদন কৰিব পাৰিব উত্তৰ-পূবৰ শিক্ষাৰ্থীয়ে । ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে এনইচি মেৰিট স্ক'লাৰশ্বিপ আঁচনিৰ অধীনত মেট্ৰিকৰ পিছৰ বৃত্তিৰ বাবে আবেদন গ্ৰহণ কৰি আছে । আবেদনৰ সময়সীমা ৩১ অক্টোবৰ আছিল যদিও এতিয়া এই সময়সীমা ১৫ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে ।

আবেদনৰ চৰ্তাৱলী

ইক'ন'মিক উপদেষ্টা (ই এণ্ড এম) শ্বেৰী লালথাংজোৱে এনইচি মেধা বৃত্তি আঁচনিৰ বাবে যোগ্যতাৰ চৰ্তাৱলীৰ কথা উল্লেখ কৰিছে ।

  • বাসস্থান :চৰ্তাৱলী অনুসৰি আবেদনকাৰীসকল উত্তৰ-পূৱৰ যিকোনো ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব ।
  • নামভৰ্তি : ইফালে আবেদনকাৰী ভাৰতৰ ভিতৰত বিভিন্ন শাখাত (ডিপ্লোমা, স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি/এমফিল) স্বীকৃত প্ৰতিষ্ঠানত নামভৰ্তি কৰা হ'ব লাগিব ।
  • নূন্যতম নম্বৰ :পূৰ্বৱৰ্তী পৰীক্ষাত নিম্নতম ৬০ শতাংশ নম্বৰৰ লাভ কৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন ।
  • উপাৰ্জনৰ চৰ্ত :আবেদনকাৰীৰ অভিভাৱক বা অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন ৮ লাখ টকাৰ অধিক হ'ব নোৱাৰিব ।

প্ৰয়োজনীয় নথিপত্ৰসমূহ :আবেদন দাখিলৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰৰ ভিতৰত আছে -

১. এটা বৈধ মোবাইল নম্বৰ

২. আধাৰ (ইউআইডি) নম্বৰ

৩. আধাৰ লিংক থকা বেংক একাউণ্ট

৪. উপাৰ্জনৰ প্ৰমাণপত্ৰ

৫. প্ৰতিষ্ঠানৰ পৰা এখন ব'নাফাইড প্ৰমাণপত্ৰ

আবেদন প্ৰক্ৰিয়া :যোগ্য শিক্ষাৰ্থীসকলে নিম্নলিখিত লিংকৰ জৰিয়তে নেশ্যনেল স্ক'লাৰশ্বিপ প'ৰ্টেলত অনলাইন আবেদন কৰিব পাৰে :[https://scholarships.gov.in](https://scholarships.gov.in). For further details, the NEC Merit Scholarship Guidelines can be downloaded at: [NEC Scholarship Guidelines](https://scholarships.gov.in/public/schemeGuidelines/NEC_1234_G.pdf)

অতিৰিক্ত তথ্য: যিকোনো অসুবিধাৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলে উত্তৰ-পূব পৰিষদ সচিবালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক :এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ

ABOUT THE AUTHOR

...view details