শিলচৰ, 26 এপ্ৰিল:পথত একাঁঠু পানী ৷ ক্ষোভিত নাগৰিকে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে গ্ৰহণ কৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ জানিব পৰা মতে, শিলচৰ লোকসভা সমষ্টিৰ অধীনৰ শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডৰ প্ৰায় 120 গৰাকী নাগৰিকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
চিত্তৰঞ্জন ৰোডত বাস কৰা এই ক্ষোভিত নাগৰিকসকলে এই সিদ্ধান্ত সন্দৰ্ভত কয়, "যোৱা 10 বছৰ ধৰি চিত্তৰঞ্জন ৰোডত বৰষুণ দিলে সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ যিয়ে স্থানীয় লোকসকলক যাতায়তৰ ক্ষেত্ৰত সমস্যাত পেলায় ৷ বাৰম্বাৰ নেতা আৰু প্ৰশাসনৰ লোকসকলক এই সমস্যা সন্দৰ্ভত বহুবাৰ অৱগত কৰা হৈছে যদিও পানী নিষ্কাশনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই । তাৰ কাৰণে আজি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আমি সকলোৱে ভোট বৰ্জন কৰিছো । লোকসভা নিৰ্বাচনৰ পিছতেও চৰকাৰে যদি কোনো ব্যৱস্থা নলয়, তেন্তে অহা বিধানসভা নিৰ্বাচনতো ভোট বৰ্জন কৰা হ’ব ।"
সমান্তৰালভাবে বিজেপি চৰকাৰ শ্লোগান দি অহা "সৱ কা সাথ সৱ কা বিকাশ" নীতিকো কঠোৰভাবে সমালোচনা কৰে ।