অসম

assam

ETV Bharat / state

ঘানাৰ পৰা আৰম্ভ কৰি কিউবালৈকে... এডভাণ্টেজ আছাম ২.০ ত ভাগ ল'বলৈ আহিল দলে-বলে - ADVANTAGE ASSAM 2

এডভাণ্টেজ আছাম ২.০ৰ কাৰ্যসূচীত অংশ ল’বৰ বাবে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ পৰা এখন বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হয় ৪৫ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলটো ।

Ambassadors of 61 countries to visit Assam
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 3:21 PM IST

যোৰহাট:অপেক্ষা আৰু কিছু ক্ষণৰ ৷ কাইলৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ ৰ কাৰ্যসূচী ৷ ইতিমধ্যে অসমত উপস্থিত হৈছে কেবাখনো দেশৰ প্ৰতিনিধি দল ৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত দেওবাৰে নিশা ৪৫ খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয় ৷ উক্ত প্ৰতিনিধি দলটোৰ প্ৰত্যেককে মন্ত্ৰী অতুল বৰা সহিতে জিলা প্ৰশাসনৰ লোকে গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায় ৷

ইয়াৰ পৰা পোনে পোনে এই দলটো ৰাওনা হয় কাজিৰঙালৈ ৷ নিশা কাজিৰঙাত থাকি আজি (সোমবাৰ) পুৱাই জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ জৰিয়তে বৈদেশিক মন্ত্ৰীসহিতে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য উপভোগ কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ এপ্ৰিলত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰিছিল ।

যোৰহাটৰ পৰা গুৱাহাটীলৈ ৰাওনা বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দলটো (ETV Bharat)

আনহাতে, কাজিৰঙা ভ্ৰমণ সামৰি এই প্ৰতিনিধি দলটো আজি পুনৰ উপস্থিত হয় যোৰহাট ৰৰৈয়া বিমানবন্দৰত ৷ তাৰ পাছতে ৰৰৈয়া বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানেৰে বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত অহা দলটো এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ ৰাওনা হয় ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক :'ঝুমইৰ বিনন্দিনী'ৰ কাউন্ট-ডাউন আৰম্ভ

বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত অহা প্ৰতিনিধিসকলৰ দেশসমূহ ক্ৰমে -

  1. ঘানা
  2. কোষ্টাৰিকা
  3. চাদ
  4. কেমেৰুণ
  5. বাংলাদেশ
  6. ৰিপাব্লিক অব কংগো
  7. ৰাৱাণ্ডা
  8. ইৰাক
  9. পোলেণ্ড
  10. ছুইডেন
  11. শ্ৰীলংকা
  12. টিমৰ লেষ্টি
  13. জামাইকা
  14. কাজাখস্তান
  15. কিৰগিস্তান
  16. মালয়েছিয়া
  17. কেনিয়া
  18. মালদ্বীপ
  19. নামিবিয়া
  20. নৰ্থ মেছিড'নীয়া
  21. পানামা
  22. পাপুৱা নিউগিনি
  23. ছাৰ্বিয়া
  24. ছিছিলি
  25. ছলোমন আইলেণ্ড
  26. ছোমালিয়া
  27. টাঞ্জানিয়া
  28. উগাণ্ডা
  29. ভেনিজুৱেলা
  30. আৰ্মেনিয়া
  31. বটছৱানা
  32. বুলগেৰিয়া
  33. কলম্বিয়া
  34. কিউবা
  35. চাইপ্ৰাছ
  36. এল ছালভেদৰ
  37. এৰিট্ৰিয়া
  38. ফিনলেণ্ড
  39. জৰ্জিয়া
  40. ৰিপাব্লিক অব গুইনিয়া
  41. গুৱেনা
  42. ইটালী
  43. আয়াৰলেণ্ড

উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ আছাম ২.০ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০ খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰতিনিধিসকলৰ বাবে ইয়াৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ ব্যৱস্থা কৰে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক :কাজিৰঙাত হাতী আৰু জীপ ছাফাৰীৰ আমেজ ল’লে ৪৫ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে

লগতে পঢ়ক :ঝুমইৰ বিনন্দিনী: কোন পথেৰে যাব সৰুসজাইলৈ, ক’ত কৰিব গাড়ী পাৰ্কিং...

ABOUT THE AUTHOR

...view details