জনিয়া, 30 এপ্ৰিল:বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বৰতাৰীত যোৱা ২০ এপ্ৰিলত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । পৈত্ৰিক সম্পত্তিৰ বাবেই পুত্ৰৰ দ্বাৰা এই নৃশংস হত্য়াকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰথম অৱস্থাত এয়া হত্য়াকাণ্ড বুলি ভবা নাছিল ৷
সেয়ে ৰাইজে বিশা শ্বেখ (৭৫) নামৰ লোকজনক ধৰ্মীয় ৰীতি-নীতিৰে জানাজা কৰি কবৰস্থ কৰে । অৱশ্য়ে লোকজনক কবৰস্থ কৰাৰ পাছত ঘটনাটো আনফালে ঢাল খায় । লোকজনৰ পুত্ৰ ছামছুল হকক দেওবাৰে এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই ঘটনাই লৈছে নতুন মোৰ ।
উত্থাপিত অভিযোগ মতে, ইছলাম ধৰ্মীয় ৰীতি-নীতি মতে বৃদ্ধ লোকজনক কবৰস্থৰ সময়ত ক্ষুদ্ৰখোৱা গাঁৱৰ ইছমাইল হুছেইন নামৰ ব্যক্তি এজনে গা-ধুৱাই দিয়া মুহুৰ্তত ডিঙি কটা প্ৰত্যক্ষ কৰি ভয়তে ঘৰলৈ গুচি যায় । ইয়াৰ পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক কথাখিনি অৱগত কৰে ।