মৰাণ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব বুলি সতৰ্ক কৰি দিয়াৰ পিচতো মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশ জাতীয় সংগঠনে এতিয়া ব্যৱসায়ীৰ পৰা দাবী ধমকিৰে ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । ফলত জাতীয় সংগঠনক ধন দিব নোৱাৰি প্ৰতিবাদত নামিল ব্যৱসায়ী সন্থা ।
ধন দাবীৰ প্ৰতিবাদত বন্ধ ৰাখিলে ব্যৱসায়িক প্ৰতিষ্ঠান
নাহৰকটীয়াত বীৰ লাচিত সেনাৰ বলপূৰ্বক ধন দাবীৰ পাছতে দেওবাৰে বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । দোকান-পোহাৰ বন্ধ ৰাখি ৰাজপথত সমদল কৰি লাচিত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনালে ব্যৱসায়ীয়ে । ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰি কয় যে বিগত এমাহ ধৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে দুলীয়াজানত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবেই সৰু-বৰ প্ৰতিষ্ঠান তথা ব্যৱসায়ী মহলক বলপূৰ্বকভাৱে ব্যাপক হাৰত ধন দাবী কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ীসকলে নাহৰকটীয়াত ব্যৱসায় চলাই নিয়াত সমস্যাত পৰিছে ।
ব্যৱসায়ীক ভয়-ভাবুকিৰ অভিযোগ
উল্লেখ্য় যে বীৰ লাচিত সেনা অসমে অহা ২৪ নৱেম্বৰত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ আতিথ্যত তথা সমূহ দুলীয়াজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লৈছে কেন্দ্ৰীয় লাচিত দিৱস । ইয়াৰ পাছতে লাচিত দিৱসৰ নামত নাহৰকটীয়াত লাচিত সেনাৰ একাংশই ব্যৱসায়ীক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে । আনকি ব্যৱসায়ী সকলক ৫ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ধন দাবী কৰাৰ উপৰিও এই ধন আদায় দিব নোৱাৰিলে লাচিত সেনাৰ ল'ৰাক ব্যৱসায় চমজাই দিবলৈও ভাবুকি প্ৰদান কৰে ।