অসম

assam

মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave

By ETV Bharat Assamese Team

Published : 4 hours ago

School close due to heat wave : উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৪ দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ ৷ বন্ধ থাকিব গুৱাহাটীৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয় ৷ গৰমৰ ফলত ছাত্ৰ-ছাত্ৰী বিদ্যালয়তে অসুস্থ হোৱা ঘটনাৰ পিছতে এই সিদ্ধান্ত ৷

Guwahati School close due to heat wave
৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশনা (ETV Bharat)

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ :বিগত কেবাদিনো ধৰি উৎকট গৰমে দহি আছে ৰাজ্যবাসীক ৷ প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে ৷ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে সৰ্বশিক্ষা অভিযানে ।

২৪ ছেপ্টেম্বৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহ বন্ধ থাকিব বুলি সোমবাৰে এই নিৰ্দেশনা জাৰি কৰিছে সমগ্ৰ শিক্ষা অভিযান কামৰূপ মহানগৰে । কামৰূপ মহানগৰ জিলাৰ অধীনত থকা সকলো চৰকাৰী, প্ৰাদেশীকৃত, ব্যক্তিগত বিদ্যালয় ২৪ পৰা ২৭ ছেপ্টেম্বৰলৈকে কেৱল তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে বন্ধ থাকিব বুলি সিদ্ধান্ত লোৱা হৈছে ।

৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশনা (ETV Bharat Assam)

কামৰূপ মহানগৰ জিলাৰ অধীনৰ বিভিন্ন বিদ্যালয়ৰ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ পৰা অত্যধিক গৰম আৰু ডিহাইড্ৰেচনৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অসুস্থতা আৰু মূৰ্চ্ছা যোৱাৰ বিভিন্ন ঘটনা সন্দৰ্ভত প্ৰাপ্ত প্ৰতিবেদনৰ ভিত্তিত এই সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছিল । জাননী অনুসৰি গ্ৰীষ্মপ্ৰবাহৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজালৈকে তথা ১২.৩০ বজাৰ ভিতৰত বিদ্যালয়ৰ পাঠদান সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছিল ৷ ইয়াৰ পিছতে সোমবাৰে এক নিৰ্দেশনাৰ জৰিয়তে ৪ দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয় ৷

উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত উৎকট গৰমৰ ফলত মৃত্যু হৈছিল দুজনকৈ লোকৰ ৷ ইয়াৰ পূৰ্বে শনিবাৰৰ দিনটোত বিদ্যালয় খোলা ৰখা অৱস্থাত যোৰহাটকে ধৰি ৰাজ্যৰ কেবাটাও স্থানত বিদ্যালয়তে ঢলি পৰিছিল ছাত্ৰ-ছাত্ৰী ৷

লগতে পঢ়ক :উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই

ভেকুলীৰ বিয়াই শেষ ভৰসা

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

ABOUT THE AUTHOR

...view details