বাক্সা, ২ অক্টোবৰ:মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলাৰ মুছলপুৰত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে অহিংসা দিৱস । নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে পুৱা পতাকা উত্তোলন কৰাৰ লগতে পাৰ চৰাই উৰুৱাই বড়ো জাতিৰ শান্তি কামনা কৰে । ইয়াৰ পিছতে শোভাযাত্ৰাত অংশ লৈ দ্বীপেন বড়োৱে কয় যে আজি পৱিত্ৰ দিনটোত আমি বড়ো জাতিৰ শান্তিৰ বাবে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিম । লগতে তেওঁ এই পৱিত্ৰ দিনটোতে জাতিৰ স্বাৰ্থত ইউ পি পি এল-বি পি এফ ৰাজনৈতিক দলক একত্ৰিত হ'বলৈ আহ্বান জনায় ।
তেওঁ লগতে কয় যে, বড়ো সকলৰ ১৯৯৩ চনত বি এ চি, ২০০৩ চনত বি টি চি চুক্তি, ২০২০ চনত বি টি আৰ চুক্তি কেন্দ্ৰীয় চৰকাৰৰ লগত সম্পাদিত হয় যদিও এই চুক্তি বৰ্তমানেও সম্পূৰ্ণ কাৰ্যকৰী হোৱা নাই ৷ তাৰোপৰি বড়ো আন্দোলনৰ লগত জড়িত এন ডি এফ বিৰ কেডাৰসকলৰ কেছসমূহ সমাধান হোৱা নাই বুলিও আক্ষেপ কৰে ৷ তেওঁ গাওঁ অন্তৰ্ভুক্তৰ ক্ষেত্ৰত চৰকাৰক সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷
ইয়াৰোপৰি বি টি আৰত শান্তি প্ৰগতিৰ স্বাৰ্থত ঐতিহাসিক বি টি আৰ চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ন কৰাৰ কাৰণে আজিৰ এই দিনটোতে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে । মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয় উপাচাৰ্য, অধ্যাপক ৰমেশ ভৰদ্বাজে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত কয়, "উত্তৰ-পূৰ্বাঞ্চল যদি শান্তি স্থাপন কৰিব লাগে তেনেহ’লে বড়ো জাতিক শান্তি স্থাপন কৰিব লাগিব ৷ বড়োসকলৰ পিতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলৰ কাৰণে অহিংসাৰ আন্দোলন কৰিছিল ৷ বড়ো সকল শিক্ষিত হোৱাৰ কাৰণে বৰ্তমান এবছুৱে যৎপৰোনাস্তি কাম কৰি আহিছে ৷ এয়া শুভ লক্ষণ ৷"