স্বাস্থ্য বিভাগে লুকুৱাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য : অভিযোগ আদিবাসী মহিলা সন্থাৰ - Japanese Encephalitis in Assam - JAPANESE ENCEPHALITIS IN ASSAM
Japanese Encephalitis at Tea Garden Areas : চাহ অধ্যুষিত অঞ্চলত ভয়ঙ্কৰ ৰূপত ছানি ধৰিছে জাপানীজ এনকেফেলাইটিছে । স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য লুকুওৱাৰ অভিযোগ । বাগিচা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ আদিবাসী মহিলা সমাজ ।
আদিবাসী মহিলা সন্থাৰ গুৰুতৰ অভিযোগ (ETV Bharat Assam)
যোৰহাট, ২৪ জুলাই : ৰাজ্যত ক্ৰমাৎ সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে । ইতিমধ্যে বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণত কেইবাটাও মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ।
জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য লুকুওৱাৰ অভিযোগ আদিবাসী মহিলা সন্থাৰ (ETV Bharat Assam)
তাৰ মাজতে যোৱা ২২ জুলাইত তিতাবৰৰ লেতেকুজান চাহ বাগিচাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ তথ্য আহি পৰিছে । যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কিশোৰীগৰাকীৰ । কিন্তু কিশোৰীগৰাকীৰ মৃত্যৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।
চিকিৎসালয়ৰ মৃত্যুৰ প্ৰতিবেদনত কিশোৰীগৰাকী জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে যদিও স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে এই তথ্য নাকচ কৰিছে । আনহাতে, বাগিচা কৰ্তৃপক্ষয়ো এই কথা মানি লোৱা নাই । ইয়াৰ পাচতে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী মহিলা সন্থা আৰু বৃহত্তৰ চাহ শ্ৰমিক সমাজ।
এই সন্দৰ্ভত বুধবাৰে তিতাবৰত এক সংবাদমেল অনুষ্ঠিত কৰি বাগিচা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰৰ ওপৰত জাঙুৰ খাই উঠিছে সংগঠনটোৰ লগতে চাহ শ্ৰমিক সমাজ । বাগিচা কৰ্তৃপক্ষসমূহে সম্পূৰ্ণৰূপে শ্ৰমিক আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক সংগঠনটোৱে ।