গুৱাহাটী :বিগত কেইবাদিন ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত চলা বাকযুদ্ধ তুংগত উঠিছে । বিধানসভাৰ মজিয়াত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিচতেই আৰম্ভ হোৱা অভিযোগ-প্ৰতিঅভিযোগে এতিয়া গতি কৰিছে অন্য়ফালে ।
দম আছে যদি তদন্ত কৰক :
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভাত উত্থাপন কৰা কেতবোৰ অভিযোগ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে কয়," আমি দম থকা মানুহ,হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয় । দম আছে যদি তদন্ত কৰক আৰু নিজৰ সম্পত্তিৰ ওপৰতো তদন্ত কৰক ।" ক্ষোভ আৰু আৱেগৰ মাজতে বিধায়ক অখিল গগৈয়ে আজি পুনৰ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনায় । অসম বিধানসভাৰ আজি চতুৰ্থ দিনা অখিল গগৈক সদনৰ পৰা নিলম্বন কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
মুখ্যমন্ত্রীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, "মোৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিৰ নিযুক্তিত কিবা কেলেংকাৰী আছে যদি তদন্ত কৰাৰ বাবে মই মুখ্যমন্ত্রীক কালি প্ৰত্যাহ্বান জনাইছিলো । ঘৰত গৈ কালি ৰাতি আৰু আজি পুৱা মই বহুত গালি খাইছো । গোটেই ৰাতি টোপনি ক্ষতি । ঘৰত বহুত ডাঙৰ কাজিয়া । পত্নীয়ে কৈছে মোৰ কাৰণে তেওঁৰ মৰ্যদা হানি হৈছে ।"
তেওঁ পুনৰ কয়," আজি মোৰ পত্নীয়ে অধ্যক্ষ আৰু উচ্চ শিক্ষাৰ সঞ্চালকৰ ওচৰত ঘটনাটোৰ তদন্ত বিচাৰি আৰু তদন্ত কৰাৰ সময়খিনিত তেওঁক চাকৰিৰ পৰা আঁতৰাই ৰখাৰ বাবে আবেদন কৰিছে । চাকৰিটো পোৱাৰ ক্ষেত্রত কিবা অনিয়ম হৈছে নেকি তাৰ তদন্ত বিচাৰি মোৰ পত্নীয়ে আবেদন কৰিছে । আমি চাকৰি এৰি দিম । সেইবোৰ টেনচন নাই । এটাই অসুবিধা যে ল'ৰাটোক পঢ়াই আছো । লাগিলে ঘৰটো বিক্ৰী কৰি দিম । "
মোৰ ঘৰ নহয়, মোৰ পত্নীৰ ঘৰ :
বিধায়ক অখিল গগৈয়ে ঘৰটো কেলেংকাৰী কৰি লোৱা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য় সন্দৰ্ভত বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," মুখ্যমন্ত্রীয়ে কালি কৈ আছিল যে মই ঘৰটো কেলেংকাৰী কৰি লৈছো । হাৱাই ছেণ্ডেল পিন্ধা মানুহে ঘৰটো কেলেংকাৰী কৰি লৈছে । মই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছো যে মই যিটো ঘৰত থাকো সেইটো মোৰ ঘৰ নহয়, মোৰ পত্নীৰ ঘৰ । এই ঘৰটো ক্ৰয় কৰোতে যদি এটকাৰো কেলেংকাৰী হৈছে তেন্তে তদন্ত কৰাৰ বাবে মই আহ্বান জনাইছো । তদন্ত কৰি দোষী হ'লে ঘৰটো লৈ থওক আৰু দোষী নহ'লে মুখ্যমন্ত্রীয়ে বিচাৰিলে তেওঁকে ঘৰটো দি দিম । ১৪ লেচাৰ এচলীয়া ঘৰ এটা । মোৰ পত্নীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি দৰমহা পায় । ৬০ বছৰ পুৰণি ঘৰ এটা ক্ৰয় কৰিছো, এতিয়ালৈকে বনাব পৰা নাই ।"