নিউজ ডেস্ক, 24 জুলাই:অসমৰ পূৰ্বৰ দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰলৈ সঘন আহ-যাহ চলিছে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাৰ ৷ ৰাজনৈতিক নেতাৰ এনে আগমনে স্বাভাৱিকতে অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ বিষয়ত অব্যাহত আছে চৰ্চা ৷
বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ ঘৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ দুয়োগৰাকী ৰাজনৈতিক নেতাই দীৰ্ঘদিনৰে পৰা শাৰিৰীক অসুস্থতাত ভূগি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ খবৰ লোৱাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত হয় ৷
এই সাক্ষাৎকাৰ সম্পূৰ্ণৰূপে সৌজন্যমূলক আছিল বুলি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে ৷ ইটিভি ভাৰতক তেওঁ কয়- "অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰফুল্ল কুমাৰ মহন্ত এনে এগৰাকী ব্যক্তি, যিয়ে আঞ্চলিকতাবাদৰ ৰাজনীতিক সমৰ্থন কৰি আহিছে ৷ তেনেক্ষেত্ৰত আঞ্চলিক ৰাজনীতিক সাৰোগত কৰি গঠিত হোৱা অসম জাতীয় পৰিষদেও ৰাজনৈতিক ক্ষেত্ৰত অগ্ৰজৰ দিহা-পৰামৰ্শ নিতান্তই প্ৰয়োজন বুলি মানি আহিছে ৷" যাৰ বাবে বুধবাৰে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা পূৰ্বে দুবাৰকৈ ৰাজ্যৰ শাসনৰ গুৰি ধৰা প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰে দলটোৰ নেতা দুগৰাকীয়ে ৷
ছাত্ৰ সংগঠনৰ নেতৃত্বৰে দীৰ্ঘদিনীয়া অভিজ্ঞতা লাভৰ অন্তত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা লুৰীণজ্যোতি গগৈয়ে ৰাজ্যৰ ৰাজনীতিত সদায়ে আঞ্চলিকতাবাদৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷ গগৈয়ে কয় যে, পূৰ্বে আঞ্চলিকতাবাদ ৰক্ষাৰ ক্ষেত্ৰত অসম গণ পৰিষদে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল যদিও বিজেপিৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পিচত দলটোৱে নিমাতী কইনাৰ ভাও ধৰি আহিছে ৷