বৰপেটা, 10 জুলাই: কিছুদিন পূৰ্বে সৰ্বস্তৰৰ ৰাজনৈতিক নেতাসকলক বানাক্ৰান্তক সহায় কৰাৰ আহ্বান জনাই এটি ভিডিঅ’ মুকলি কৰিছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে ৷ এই ভিডিঅ’ প্ৰকাশৰ পিচতে এ আই ইউ ডি এফৰ নেতাগৰাকী হজযাত্ৰাৰ উদ্দেশ্যে উৰা মাৰে মক্কালৈ ৷ পিছে হজযাত্ৰা সামৰি পুনৰ অসমলৈ উভতি আহি বানাক্ৰান্তৰ কাষত থিয় দিছে ধুবুৰী সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে ৷
দহদিনীয়া কাৰ্যসূচীৰে বৰপেটা, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাঁৱৰ বান অধ্যুষিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে চেঙাৰ চেনিমাৰীত উপস্থিত হয় ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকী ৷
লগতে পঢ়ক:বিপদৰ এই সময়ত আগুৱাই নাহিলে আল্লা-ভগৱানে ক্ষমা নকৰিব : আজমল - ASSAM FLOOD 2024
চেঙা, মন্দিয়া, জলেশ্বৰ, সৃজনগ্ৰামকে ধৰি ধুবুৰীৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বানাক্ৰান্তৰ সমস্যাৰ বুজ ল’ব প্ৰাক্তন সাংসদগৰাকীয়ে ৷ তেওঁ বুধবাৰে চেঙাৰ কেইবাটাও চৰাঞ্চলৰ বানাক্ৰান্তক সাক্ষাৎ কৰি দুখ-দুৰ্দশাৰ বুজ লয় ৷ আজমলৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকিব আন আনে কেইবাগৰাকীও বিধায়ক ৷ বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত আজমলে কেন্দ্ৰক 20 হাজাৰ কোটি টকাৰ বান সাহাৰ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷