গোৱালপাৰা, ১২ জুলাই :লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিচতে একপ্ৰকাৰ নিষ্প্ৰভ হৈ পৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । আনহাতে, প্ৰায় নিষ্ক্ৰিয় হৈ পৰিছে দল তথা ইয়াৰ নেতা-কৰ্মীসকল । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দলটোৰ শোচনীয় প্ৰদৰ্শন সন্দৰ্ভত দলটোৰ মজিয়াৰ পৰা কোনোধৰণৰ স্পষ্টীকৰণ বা বিশ্লেষণ আগবঢ়োৱা নাই যদিও দলীয় নেতাসকলৰ মাজত এক প্ৰকাৰ অচলাৱস্থাই দেখা দিছে । তাৰ মাজতে দলটোৰ সভাপতি বদৰুদ্দিন আজমলে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ।
যোগীঘোপাত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিচত দলৰ নেতৃত্ব সলনিৰ ইংগিত প্ৰদান কৰিছে । দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে বৃহৎ সংস্কাৰৰ ইংগিত দিছে বদৰুদ্দিন আজমলে ।
উল্লেখ্য, শেহতীয়া লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ৰেকৰ্ডসংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হয় সমষ্টিটোৰ অঘোষিত অভিভাৱক স্বৰূপ বদৰুদ্দিন আজমল । কংগ্ৰেছৰ ৰকিবুল হুছেইনে তেওঁক জয়ৰ ভোটৰ ব্যৱধানত সৰ্বভাৰতীয় ৰেকৰ্ড সৃষ্টি কৰি পৰাস্ত কৰে । ইফালে নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিচৰে পৰা নিজৰ পৰাজয় তথা দল সন্দৰ্ভত একপ্ৰকাৰ মৌন হৈ আছে বদৰুদ্দিন আজমল । কিন্তু এইবাৰ দল সন্দৰ্ভত মুখ খুলিছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে নিজকে ঘোষণা কৰি অহা এইগৰাকী সংখ্যালঘু নেতাই ।