গুৱাহাটী : অভাৱনীয় বায়ু প্ৰদূষণৰ কৱলত পৰিছে গুৱাহাটীকে ধৰি অসমৰ নলবাৰী আৰু নগাঁও চহৰ । পৰিস্থিতিয়ে এই পর্যায় পাইছেগৈ যে দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো চেৰাইছে গুৱাহাটীয়ে । কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীৰ পৰা আজি পর্যন্ত ৰাজ্যৰ গুৱাহাটী, নলবাৰী আৰু নগাঁৱৰ বায়ুৰ গুণমান নিম্নগামী হৈ 'বেয়া' শ্ৰেণীত অন্তর্ভুক্ত হৈছে ।
কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰপৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক (AQI) বৃহস্পতিবাৰতকৈও অৱনমিত হৈ ৩৪২ হৈছে । ইয়াৰ বিপৰীতে দিল্লীৰ এ কিউ আই ২৩৯ । দেশৰ ভিতৰতে প্ৰদূষিত অঞ্চল বুলি কুখ্যাতি অর্জা বর্ণিহাটতকৈও (২৫৪) শুকুৰবাৰে গুৱাহাটীৰ বায়ুৰ গুণমান বেয়া বুলি কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত প্রকাশ পাইছে ।
উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এ কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০২ ভিতৰত থাকিলে মধ্যমীয়া আৰু ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে সংজ্ঞায়িত কৰিছে ।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৪০ (বেয়া), নলবাৰীত ২১২ (বেয়া), নগাঁৱত ২১২ (বেয়া) আছিল । ঠিক সেইদৰে ২১ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৭৭ (বেয়া), নলবাৰীত ২০৭ (বেয়া), নগাঁৱত ২০৪ (বেয়া) আছিল ।
২২ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯০ (বেয়া), নলবাৰীত ২৩১ (বেয়া), নগাঁৱত ২৮০ (বেয়া) আছিল । ২৩ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯৬ (বেয়া), নলবাৰীত ২২৭ (বেয়া), নগাঁৱত ২৬৯ (বেয়া) আছিল । ২৪ জানুৱাৰীত অৰ্থাৎ শুকুৰবাৰে গুৱাহাটীত আই কিউ আই ৩৪২ (অতি বেয়া), নলবাৰীত ২১৭ (বেয়া), নগাঁৱত ২৭৫ (বেয়া) ।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য
তাৰিখ | স্থান | AQI | পৰ্যায় |
২০ জানুৱাৰী | গুৱাহাটী | ২৪০ | বেয়া |
নলবাৰী | ২১২ | বেয়া | |
নগাঁও | ২১২ | বেয়া | |
২১ জানুৱাৰী | গুৱাহাটী | ২৭৭ | বেয়া |
নলবাৰী | ২০৭ | বেয়া | |
নগাঁও | ২০৪ | বেয়া | |
২২ জানুৱাৰী | গুৱাহাটী | ২৯০ | বেয়া |
নলবাৰী | ২৩১ | বেয়া | |
নগাঁও | ২৮০ | বেয়া | |
২৩ জানুৱাৰী | গুৱাহাটী | ২৯৬ | বেয়া |
নলবাৰী | ২২৭ | বেয়া | |
নগাঁও | ২৬৯ | বেয়া | |
২৪ জানুৱাৰী | গুৱাহাটী | ৩৪২ | অতি বেয়া |
নলবাৰী | ২১৭ | বেয়া | |
নগাঁও | ২৭৫ | বেয়া |
অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্রই ‘ইটিভি ভাৰতক কয়, "এই সময়ত প্ৰতিবছৰেই অসমৰ বিভিন্ন চহৰৰ বায়ুৰ গুণমান নিম্নগামী হয় । বৰষুণ আৰম্ভ হ'লে এপ্ৰিলত পৰিৱেশ ঠিক হ'ব । ব্ৰহ্মপুত্ৰৰ পৰা উৰি অহা বালি, পথৰ ধূলি, নির্মাণ কাৰ্যত উৰা ধূলি, যান-বাহনৰপৰা নিৰ্গত ধোঁৱা, নিকটৱৰ্তী বৰ্ণিহাটৰপৰা উৰি অহা ধোঁৱা আদিৰ বাবেই গুৱাহাটীৰ বায়ুৰ গুণমান নিম্নগামী হৈছে ।”