অসম

assam

আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টি বিচাৰিব অগপই - Assam Assembly Elections 2026

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 3:34 PM IST

AGP demand Rangia constituency : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কূটকৌশল এতিয়াৰে পৰা আৰম্ভ কৰিছে ৰাজনৈতিক দলবোৰে । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰণকৌশল নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী । তাৰ মাজতে শাসকীয় দলৰ মিত্ৰদল অসম গণ পৰিষদে এক ডাঙৰ দাবী কৰিছে । আগন্তুক নিৰ্বাচনত ৰঙিয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে অগপই ।

AGP Demand Rangia Constituency
আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টি বিচাৰিব অগপই (ETV Bharat Assam)

ৰঙিয়া, ৭ ছেপ্টেম্বৰ :২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ আসনখন বিচাৰিব অগপ দলে । এই বিষয়ে ইংগিত প্ৰদান কৰে অগপৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অগপ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কৌশলপূৰ্ণভাৱে ইংগিত দি কয়, "২০২৬ চনত আমাৰ দলীয় কৰ্মীসকলে ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক হোৱাটো বিচাৰিছে । অসম গণ পৰিষদ দলৰ ৰঙিয়া সমষ্টিৰ যিসকল নেতা-কৰ্মী আছে, তেওঁলোকৰ আশা আকাঙ্খাবোৰ যাতে পূৰণ হয় তাৰ বাবে আমি মিত্ৰজোঁটক আহ্বান জনাইছো ।"

আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টি বিচাৰিব অগপই (ETV Bharat Assam)

মিত্ৰজোঁটৰ ধৰ্মৰ প্ৰসংগ উল্লেখ কৰি অগপ নেতাগৰাকীয়ে লগতে কয়, "যোৱা দুটা কাৰ্যকালত আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি সহায় আগবঢ়াইছো । আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত আমাৰ দলীয় কৰ্মীসকলৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰিবলৈ এতিয়াৰে পৰাই মিত্ৰজোঁটে আমাক আগবঢ়াই দিয়ক । এইখিনি আমাৰ মিত্ৰজোঁটৰ প্ৰতি আহ্বান ।"

তেওঁৰ লগতে মন্তব্য, "যদিহে এতিয়াৰে পৰা ৰঙিয়া বিধানসভা সমষ্টিৰ আসনখন অগপ দলৰ বাবে এৰি দিয়া হয়, তেতিয়াহ'লে আগন্তুক সময়ত মিত্ৰজোঁট যথেষ্ট উপকৃত হ'ব আৰু বিজয় সুনিশ্চিত হ'ব ।"

ইয়াৰ উপৰি পূৰ্বতে ৰঙিয়া সমষ্টিৰ পৰা তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰা দলটোৰ জ্যেষ্ঠ নেতা প্ৰয়াত থানেশ্বৰ বড়োৰ কাৰ্যকালৰ বিষয়ে উল্লেখ কৰি অগপ দলৰ নেতাগৰাকীয়ে কয়, "থানেশ্বৰ বড়ো আধুনিক ৰঙিয়াৰ খনিকৰ স্বৰূপ । তেওঁৰ কাৰ্যকালৰ ফলাফল স্বৰূপে ৰঙিয়াত অগপ দলটোৰ ভেটি পূৰ্বৰে পৰা সুদৃঢ় । সেয়েহে যদিহে অগপ দলে ৰঙিয়া সমষ্টিত বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেতিয়াহ'লে অগপ দলৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত ।"

তেওঁ প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীৰ কথা উল্লেখ কৰি কয়, "ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা আধুনিক ৰঙিয়াৰ খনিকৰ প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়াই অসম গণ পৰিষদ দলৰ পৰা প্ৰতিনিধিত্ব কৰি ৰঙিয়া সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হৈছিল । তেতিয়াৰে পৰা এতিয়ালৈকে ৰঙিয়াত অসম গণ পৰিষদ দলৰ এটা সুদৃঢ় ভেটি আছে ।"

উল্লেখ্য যে বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা বৰ্তমান বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হৈছে ।

লগতে পঢ়ক :সপৰিয়ালে মুখ্যমন্ত্ৰীৰ আতিথ্য ল'লে চম্পাই ছোৰেনে - Champai Soren visits Assam
লগতে পঢ়ক :বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

ABOUT THE AUTHOR

...view details