অসম

assam

ETV Bharat / state

প্ৰতিষ্ঠিত আলোচনীৰ বেটুপাতত জিলিকিল তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ 'অগ্নিগড়' - SPECIALLY PRESENTED AGNIGARH

ৰয়েল ছ'চাইটি অৱ কেমেষ্ট্ৰীয়ে (RSC)য়ে প্ৰকাশ কৰা এখন প্ৰতিষ্ঠিত আলোচনী 'Organic and Biomolecular Chemistry'ৰ কভাৰ পেজত 'অগ্নিগড়' ।

Agnigarh specially presented in the journal published by RSC
Etv Bharatd (Etv Bharat)

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 5:13 PM IST

তেজপুৰ: ইতিহাস প্ৰসিদ্ধ সংস্কৃতিক নগৰী তেজপুৰৰ অগ্নিগড়ৰ কাহিনীৰ এক গৱেষণামূলক পত্ৰ ৰয়েল ছ'চাইটি অৱ কেমেষ্ট্ৰীয়ে (RSC)য়ে প্ৰকাশ কৰা এখন প্ৰতিষ্ঠিত আলোচনী 'Organic and Biomolecular Chemistry'ৰ কভাৰ পেজত প্ৰকাশ পাইছে । বৈজ্ঞানিক আলোচনীত কভাৰ আৰ্ট বুলিলে সেই আলোচনীৰ কোনো বিশেষ সংখ্যাৰ কভাৰ হিচাপে ব্যৱহাৰ কৰা দৃশ্যমান ছবি বা গ্ৰাফিক্সক বুজোৱা হয় । এনে আলোচনীত প্ৰায়ে গৱেষণামূলক প্ৰবন্ধসমূহ সন্নিবিষ্ট কৰা হয় আৰু পাঠকসকলক দৃশ্যগত সাৰাংশ প্ৰদান কৰা হয় ।

"বিশ্বব্যাপী স্বীকৃতি আকৰ্ষণ কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰাৰ লক্ষ্যৰে আমি এই ক'ভাৰ অসমৰ তেজপুৰত অৱস্থিত কিংবদন্তি দুৰ্গ 'অগ্নিগড়'ৰ সৈতে সম্পৰ্কিত কৰি বহুলভাৱে দৰ্শকক অৱগত কৰাৰ বাবে আমাৰ গৱেষণাক অধিক প্ৰাসংগিক আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ কথা ভাবিলোঁ ।" অধ্যাপক উৎপল বৰাৰ তত্বাৱধানত পি এইচ ডি গৱেষণা ছাত্ৰী দিব্যাশ্ৰী দোলাকাষৰিয়াই উল্লেখ কৰে এই কথা ।

প্ৰতিষ্ঠিত আলোচনীৰ ক'ভাৰ পেজত অগ্নিগড় (ETV Bharat Assam)

তেওঁ লগতে কয়,"এই কথা প্ৰকাশ কৰিবলৈ পাই আমি সুখী যে আমাৰ "HFIP mediated oxime ether synthesis: a metal, base and additive free approach" শীৰ্ষক গৱেষণামূলক প্ৰবন্ধৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা আমাৰ এই চেষ্টাক নিৰ্বাচিত কৰা হৈছে আৰু ৰয়েল ছ'চাইটি অৱ কেমিষ্ট্ৰীয়ে (RSC) প্ৰকাশ কৰা এখন প্ৰতিষ্ঠিত আলোচনী 'Organic and Biomolecular Chemistry'ৰ কভাৰ পেজত ইয়াৰ শেহতীয়া সংখ্যাত ইয়াক প্ৰকাশ কৰা হৈছে ।"

গৱেষণামূলক পত্ৰখন প্ৰকাশ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ অধ্যাপক উৎপল বৰাৰ তত্বাৱধানত পি এইচ ডি ছাত্ৰী দিব্যাশ্ৰী দোলাকাষৰিয়াই । তেওঁ কয় "কভাৰ আৰ্টে আমাৰ গৱেষণামূলক কাম আৰু তেজপুৰত অৱস্থিত বিখ্যাত দুৰ্গ 'অগ্নিগড়'ৰ মাজত এক সম্পৰ্কক প্ৰতিনিধিত্ব কৰে । 'অগ্নিগড়' অসুৰ ৰজা বানাসুৰে নিজৰ কন্যা উষাক বহি জগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ওপৰভাগত সকলো সময়তে জুইয়ে আগুৰি আছিল ।"

অগ্নিগড়ত দৰ্শনাৰ্থী (ETV Bharat Assam)

দোলাকাষৰিয়াই লগতে কয়,"এদিন ৰাতি উষাই (অক্সাইমক প্ৰতিনিধিত্ব কৰা) সপোনত এজন সুদৰ্শন ৰাজকুমাৰৰ সপোন দেখিছিল আৰু লগে লগে তেওঁ কোন নাজানি প্ৰেমত পৰিছিল । আমোদজনকভাৱে তেওঁৰ সখী চিত্ৰলেখা (যাদুকৰী দ্রাৱক HFIPক প্ৰতিনিধিত্ব কৰা) এগৰাকী অতি নিপুন শিল্পী আৰু যাদুকৰী শক্তিৰ অধিকাৰী আছিল । উষাৰ বৰ্ণনাৰ পৰা তাই সপোনৰ ৰাজকুমাৰৰ প্ৰতিকৃতি অংকন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁক অনিৰুদ্ধ (বিজ্ঞানৰ মতে নিচাশক্ত অৱস্থাত প্ৰতিনিধিত্ব কৰা) বুলি চিনাক্ত কৰিছিল ।"

গৱেষক ছাত্ৰীগৰাকীয়ে উল্লেখ কৰ,"অৱশ্যে অনিৰুদ্ধ ভগৱান কৃষ্ণৰ (হিন্দু দেৱতা) নাতি আৰু উষা আছিল এজন অসুৰ (দানৱ) ৰজাৰ কন্যা । সেয়েহে তেওঁলোকৰ মাজত বিবাহ কৰাটো অসম্ভৱ আছিল । বিজ্ঞানৰ মতে এইটোৱে অক্সিম আৰু এলক’হলৰ মাজত C-O বন্ধন গঠনৰ লগত জড়িত অসুবিধাৰ কথা বুজায় ।"

অগ্নিগড় (ETV Bharat Assam)

লগতে তেওঁ কয়,"কিন্তু এদিন ৰাতি অনিৰুদ্ধ শুই থকাৰ সময়ত চিত্ৰলেখাই নিজৰ যাদুকৰী শক্তিৰে অনিৰুদ্ধক উষাৰ ঠাই অগ্নিগড়লৈ লৈ আহিছিল ।" গৱেষণা পত্ৰত উল্লেখ কৰা অনুসৰি এইটোৱে বুজায় যে ইয়াৰ কেইবাটাও আকৰ্ষণীয় গুণৰ বাবে সাধাৰণতে যাদুকৰী দ্রাৱক হিচাপে গণ্য কৰা এইচ এফ আই পিয়ে কোনো ধাতু, ভিত্তি বা যোগকৰণৰ ব্যৱহাৰ নকৰাকৈ মৃদু বিক্ৰিয়াৰ পৰিস্থিতিত (৩০ ডিগ্ৰী চেলছিয়াছ, ৪ ঘন্টা) অক্সিম ইথাৰ সংশ্লেষণৰ বাবে চি-অ’ বন্ধন গঠনত সহায় কৰে ।

যেতিয়া অনিৰুদ্ধই চকু মেলি উষাক দেখিলে, তেতিয়া লগে লগে তেওঁলোক প্ৰেমত পৰি ইজনে সিজনৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত ল’লে । শেষত মালা পিন্ধাই ‘গন্ধৰ্ব’ প্ৰথাৰে বিয়াৰ হৈ গ’ল, য’ত কোনো পুৰোহিতৰ প্ৰয়োজন নাই । ইয়াৰ অৰ্থ হ'ল কোনো ধাতুৰ অনুঘটকৰ প্ৰয়োজন নোহোৱাকৈ C-O বন্ধনৰ সফল গঠন ।

অগ্নিগড়ত উষা আৰু চিত্ৰলেখাৰ মূৰ্তি (ETV Bharat Assam)

এইদৰে কভাৰ আৰ্টত একেলগে দুটা পৰিস্থিতিৰ চিত্ৰণ কৰা হৈছে । ঘূৰণীয়া তলৰ ফ্লাস্কৰ বাহিৰত 'অগ্নিগড়'ৰ সৈতে জড়িত কাহিনী আৰু ঘূৰণীয়া তলৰ ফ্লাস্কৰ ভিতৰত এইচ এফ আই পিৰ উপস্থিতিত অক্সাইম আৰু এলক’হলৰ মাজৰ বিক্ৰিয়া ।

লগতে পঢ়ক:তেজপুৰত সকলোৰে দৃষ্টি কাঢ়িছে এজন বিশেষ ভিক্ষাৰীয়ে, কি বিশেষত্ব তেওঁৰ ? - DIGITAL BEGGAR AT TEZPUR

পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাৰ উদ্দেশ্যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্ভাৱন বুটকেম্প - IDE BOOTCAMP AT TU

ABOUT THE AUTHOR

...view details