অসম

assam

ETV Bharat / state

ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ । লাইনচ্যুত দুটাকৈ দবা ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 2 hours ago

Agartala-Lokmanya Tilak Express crashes in Dima Hasao
ডিমা হাছাও জিলাত ৰে'ল দুৰ্ঘটনা (ETV Bharat Assam)

হাফলং,১৭ অক্টোবৰ:ডিমা হাছাও জিলাত ৰে'ল দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন । আগৰতলাৰ পৰা মুম্বাই অভিমুখে যোৱা লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন আজি বিয়লি প্ৰায় ৫ বজাত দিবালং ৰে'ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।

ৰে'লখনৰ ইঞ্জিনসহ দুটাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰে । এতিয়ালৈকে কোনো যাত্ৰী নিহত বা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

ৰে'ল দুৰ্ঘটনা (ETV Bharat Assam)

জানিব পৰা মতে লামডিং ডিভিচনৰ অধীনত ডিমা হাছাও জিলাৰ দিবালং ৰে'ল ষ্টেচনৰ সমীপতে আগৰতলাৰ পৰা মুম্বাই ছত্ৰপতি শিবাজী টাৰ্মিনেল অভিমুখী 12520 লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন দুৰ্ঘটনাত পতিত হয় । দিবালং ক্ৰছিং পইন্টত সংঘটিত হয় এই দুৰ্ঘটনা ।

লাইনচ্যুত দুটাকৈ দবা (ETV Bharat Assam)

ৰেলখনৰ ইঞ্জিনসহ বি ৱানৰ পৰা বি চেভেনলৈকে সাতটাকৈ দবা লাইনচ্যুত হয় । এই ৰে'ল দুৰ্ঘটনাত কেইবাজনো যাত্ৰী আহত হোৱাৰ আশংকা কৰা হৈছে ।

দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ (ETV Bharat Assam)

ইতিমধ্যে আহত এজন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে তথা উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই কোনো ৰে'ল যাত্ৰী আহত হোৱাৰ কথা সদৰী কৰা নাই । প্ৰকৃততে এই ৰে'ল দুৰ্ঘটনা কেনেকৈ সংঘটিত হ'বলৈ পালে বিভাগীয় অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব ।

ডিমা হাছাও জিলাত ৰে'ল দুৰ্ঘটনা (ETV Bharat Assam)

ইপিনে ডিমা হাছাও জিলাত ৰেল দুৰ্ঘটনাৰ পিছতে লামডিং বদৰপুৰ হিল এলেকাত ৰে'ল চলাচল সাময়িকভাৱে বন্ধ হৈ পৰে । ইপিনে মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখন দুৰ্ঘটনাৰ ফলতে 13174 চাভৰুম শিয়ালদাহ এক্সপ্ৰেছ ৰেলগাড়ী মাইবাং আৰু 15618 দুল্লভচৰা গুৱাহাটী ৰে'লখন নিউহাফলং ষ্টেচনত আৱদ্ধ হৈ পৰে ।

লগতে পঢ়ক:ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

অভিলাষী ‘কৱচ’ প্ৰযুক্তিয়ে কিয় ৰক্ষা কৰিব নোৱাৰিলে বাগমতী এক্সপ্ৰেছক ?

Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details