অসম

assam

তিনিটা দশকৰ অন্তত চামগুৰিবাসীয়ে লাভ কৰিলে চিকিৎসালয় - Samaguri model hospital

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 4:41 PM IST

30 bedded hospital in Samaguri : অৱশেষত আমগুৰিৰ চামগুৰিবাসীয়ে চিকিৎসালয় এখন লাভ কৰিলে ৷ উদ্বোধন কৰা হ’ল 30 খন বিচনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয় ৷

30 bedded hospital in Samaguri
চামগুৰিবাসীয়ে লাভ কৰিলে চিকিৎসালয় (ETV Bharat Assam)

আমগুৰি, ১২ জুলাই : আশ্চৰ্যজনকভাৱে চামগুৰিৰ দৰে এটা বৃহৎ অঞ্চলত এইপৰ্যন্ত নাছিল এখনো চিকিৎসালয় ৷ প্ৰায় তিনিটা দশকৰ অন্তত আমগুৰিবাসীয়ে এখন চিকিৎসালয় লাভ কৰিবলৈ সক্ষম হ’ল ৷ শুকুৰবাৰে মুকলি কৰা হ’ল ৩০ খন বিচনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয় ৷

চামগুৰিবাসীয়ে লাভ কৰিলে চিকিৎসালয় (ETV Bharat Assam)

চামগুৰি অঞ্চলৰ ৰাইজৰ সপোন সাৰ্থক কৰি চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ৷ উল্লেখ্য যে ১৯৯২ চনতে চিকিৎসালয়খন স্থাপনৰ যো-জা চলোৱা হৈছিল ৷ সেই সময়তে চিকিৎসালয়খন নিৰ্মাণৰ বাবে ১০ বিঘা ভূমি দান কৰিছিল স্থানীয় ব্যক্তি অলিয়ৎউদ্দিন আহমেদে ৷ তাৰ বহু বছৰৰ পিচত ২০১৪ চনৰ ২ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চিকিৎসালয়খন স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ আধাৰশিলা স্থাপন কৰা প্ৰায় 10 বছৰৰ পিচত বৃহস্পতিবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় চিকিৎসালয়খন ৷ নৱনিৰ্মিত চিকিৎসালয়খন ভূমিদাতা পৰিয়ালৰ জ্যেষ্ঠ সদস্যা মতিমাই বেগমৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে ।

লগতে পঢ়ক :চিকিৎসক অবিহনে চলিছে লখিমপুৰৰ মহানন্দ বৰা 10 খন বিচনাযুক্ত চিকিৎসালয়

চিকিৎসালয়খন উদ্বোধনী অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, স্বাস্থ্য বিভাগৰ শিৱসাগৰৰ যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈ, মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ কুমাৰ শইকীয়া, ডাঃ সাধন বৰা উপস্থিত থাকে । নৱনিৰ্মিত চিকিৎসালয়খনৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় ডাঃ সৌভিক ভট্টাচাৰ্যক ৷ সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত চিকিৎসালখনৰ উদ্বোধনে অঞ্চলটোৰ স্বাস্থ্যখণ্ডৰ এটা দীর্ঘদিনীয়া সমস্যা সমাধানৰ পথ মুকলি কৰিলে বুলি প্ৰকাশ কৰে অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ গাত সৰি পৰিল চিলিং

ABOUT THE AUTHOR

...view details