অসম

assam

ETV Bharat / state

'ৰামায়ণ'ৰ ৰাম-সীতাৰ উপস্থিতিৰে নলবাৰী ৰাসৰ শুভাৰম্ভণি

বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ । ৰামায়ণ ধাৰাবাহিকৰ ৰাম-সীতাৰ উপস্থিতিত শুভ উদ্বোধন ৰাস মহোৎসৱৰ দ্বাৰ ।

Raas mahotsav 2024
নলবাৰী ৰাসৰ শুভাৰম্ভণি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

নলবাৰী : শৰতৰ সুকোমল সন্ধিয়া স্নিগ্ধ জোনাক আৰু মনোমুগ্ধকৰ পৰিৱেশত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ । এই ৰাস পূৰ্ণিমা বা ৰাসলীলাৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ ।

ব্যতিক্ৰম নহয় নলবাৰীও । নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে শুকুৰবাৰে শুভাৰম্ভ হয় । বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ শুভাৰম্ভ হয় । ৰাস পূৰ্ণিমাৰ শুভ্ৰ জোনাকত ৰাজ্যৰ চৌদিশ কৃষ্ণ ৰসত বুৰ যোৱাৰ লগতে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰতো এইবেলি ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৯১ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ হয় ।

নলবাৰী ৰাসৰ শুভাৰম্ভণি (ETV Bharat Assam)

পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱ ৰাস মহোৎসৱথলীৰ সন্ধিয়া মুখ্য দ্বাৰ মুকলিৰে আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । সাধাৰণতে মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ সমাহাৰ ঘটিছে আন আন দুই ৰাসৰ । জীৱন্ত ৰাস আৰু পুতলা ৰাসৰো এইবাৰ নলবাৰীত আমোদ পাব ভক্তপ্ৰাণ ৰাইজে ।

উল্লেখ্য যে, শুকুৰবাৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা হৰিমন্দিৰ প্ৰাংগণলৈ আদৰি অনা হয় এইবাৰৰ ৰাস মহোৎসৱৰ মুখ্য উদ্বোধক তথা ৯০ দশকৰ ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতা চৰিত্ৰত অভিনয় কৰা অভিনয় শিল্পী অৰুণ গোভিল আৰু দীপিকা চিখলিয়াক ।

ভাষণ প্ৰসংগত দিপিকাই অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয় । তেওঁ অসমৰ এই বিশাল ধৰ্মীয় অনুষ্ঠান ৰাস মহোৎসৱত তেওঁক মনত ৰখাৰ বাবে আন্তৰিক ধন্যবাদ জনায় । আনহাতে, অসমৰ মা কামাখ্যা দেৱালয়ক সমগ্র সনাতনী ধৰ্মৰ এক বিশ্বাসৰ আৰধনাস্থলী বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ।

লগতে তেওঁ ভাষণ প্ৰসংগত কাজিৰঙাৰ নামো উল্লেখ কৰি কাজিৰঙাক বিশ্বৰ সকলোৱে জানে বুলি মন্তব্য কৰে ৷ আনহাতে, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ১৩ দিনীয়া ৰাস মহোৎসৱত সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আৰু কৰ্মকৰ্তাসকলক দুগুণ উছাহেৰে নিজৰ নিজৰ দায়িত্ব পালনৰ আহ্বান জনায় ।

লগতে পঢ়ক :যেন বৃন্দাবনৰ সৰগখনহে নামি আহিছে ! শুভ্ৰ জোনাকত মায়াময় নলবাৰীৰ হৰিমন্দিৰ
লগতে পঢ়ক :বাৰেৰহণীয়া সংস্কৃতিৰে তিৰবিৰাই উঠিল হাউলী ৰাস মহোৎসৱ

ABOUT THE AUTHOR

...view details