জোনাই, 23 মে’:বিগত কিছুদিনৰ পৰা ধেমাজি জিলাত ঘটি থকা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল এবছু ৷ সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত বুধবাৰে পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে এবছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি চিমেন নদীৰ সমীপত এই কাৰ্যসূচীৰ সামৰণি মাৰে ৷
প্ৰায় তিনিঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে ৷ তাৰ ভিতৰত আছিল- দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাণ্ডত জড়িত ধন আলী তালুকদাৰ, শ্বেখাবৰ আলী, পাৰমিনা বেগম আৰু কিশোৰী ধৰ্ষণকাৰী ধন আলী তালুকদাৰ, বাহাৰ আলী, ৰহমান আলীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী অন্যতম ৷
লগতে পঢ়ক:ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder For Dowry
এবছু নেতা বডোছা ব্ৰহ্ম, ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো, উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক উদাং বি বডোছাৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা এবছু কৰ্মীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ নিখিল বড়ো ছাত্ৰ সন্থা জিন্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক, দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাৰী আৰু কিশোৰী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ভক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰক, কিশোৰী ধৰ্ষণকাৰী নিপাত যাওঁক, আমাৰ দাবী মানিবই লাগিব, বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতলৈ হস্তান্তৰ কৰক আদি শ্ল’গান আওৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷