অসম

assam

ETV Bharat / state

কান্ধত গামোচা লোৱা প্ৰধানমন্ত্ৰীয়ে পেটত গামোচা বান্ধি থকাসকলৰ দুৰ্দশা বুজক : আছু - Assam Flood 2024

AASU on flood situation : নিৰ্বাচনী প্ৰচাৰ সভা, বিহু উদযাপন, ফিটা কাটিবলৈ অসমলৈ আহে প্ৰধানমন্ত্ৰী ৷ এতিয়া কেৱল ফোন কৰি খবৰ লয় ৷ বানত আৰু কিমান মানুহৰ মৃত্যু হ’লে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে বিফল হোৱা বুলি ক’ব ? এনে অজস্ৰ প্ৰশ্ন কৰিলে আছুৰ সভাপতিয়ে ৷

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:39 PM IST

AASU on flood situation
আছুৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)

মৰিগাঁও, 4 জুলাই :‘‘বিহাৰ-উত্তৰ প্ৰদেশত বান হ’লে প্ৰধানমন্ত্ৰীয়ে হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰি ঘটনাস্থলীত উপস্থিত হয় ৷ অসমৰ গামোচা ডিঙিত লৈ মান বঢ়োৱা প্ৰধানমন্ত্ৰীজনে পেটত গামোচা বান্ধি জীৱন কটোৱা বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নাই ।’’- মৰিগাঁৱৰ ভূৰাগাঁৱৰ বানাক্ৰান্তৰ কাষত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে কৰিলে এই মন্তব্য ৷

আছুৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ কথা ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে উপলুঙা কৰে । তেওঁ হেনো কেপ্টেইন ! কেপ্টেইন বিফল হ’লে প্ৰধানমন্ত্ৰী আহিব । ৰাজ্যত এতিয়ালৈকে চল্লিশজনতকৈ অধিক লোক মৃত্যুমুখত পৰিছে । লাখে লাখে লোক বানত ককবকাইছে । কিমান মানুহৰ মৃত্যু হ’লে মুখ্যমন্ত্ৰীন বিফল হোৱা বুলি ক’ব ? বানমুক্ত অসমৰ সপোন কেৱল মিথ্যাচাৰ ।’’

আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহকো কটু ভাষাৰে সমালোচনা কৰে উৎপল শৰ্মাই ৷ পুখুৰী খান্দিলেই অসমৰ বান সমস্যাৰ সমাধান হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই প্ৰশ্ন কৰে যে গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ কোনখন বিশ্ববিদ্যালয় বিশেষজ্ঞৰ সৈতে আলোচনা কৰিলে ? উল্লেখ্য যে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত উপস্থিত হৈ বানাক্ৰান্তৰ মাজত খাদ্য বিতৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । ৷ ষাঠিৰোৰ্দ্ধ লোকসকলৰ যতন লোৱাৰ বাবে আহ্বান জনাই আছুৰ প্ৰতিনিধিয়ে ৷

শিৱিৰত থকা লোকসকলক বস্ত্ৰ যোগান ধৰাৰ বাবে চৰকাৰক দাবী তথা আহ্বান জনায় ছাত্ৰনেতা উৎপল শৰ্মাই ৷ উল্লেখ্য যে মৰিগাঁও জিলাৰ বহু পৰিয়ালে আশ্ৰয় লৈ আছে মথাউৰিত ।

লগতে পঢ়ক:১০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'ব মাতমৰা মথাউৰি : ঘোষণা মুখ্যমন্ত্রীৰ

লগতে পঢ়ক:বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক:ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ

ABOUT THE AUTHOR

...view details