গুৱাহাটী, ১৭ জুন:অহা ২০ জুনত চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দিল্লীৰ কেবিনেট মন্ত্ৰী গোপাল ৰায় । ২০ জুনৰ দুপৰীয়া তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিব । ইয়াৰ পাচতে তেওঁ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত এক দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰিব । আপ অসমৰ নেতৃত্বই আজি ঘোষণা কৰে এই কথা ৷
লগতে পঢ়ক:টিকটৰ বিনিময়ত পইচা বিচাৰে ভূপেন বৰাই : মনোজ ধানোৱাৰ - Tea tribe leader ministry issue
উল্লেখ্য যে, ২০২৪ৰ সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পাচত দলৰ শীৰ্ষ নেতৃত্বই অসমত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰে পৰ্যালোচনাৰ বাবে অসমলৈ আহিব আপৰ জ্যেষ্ঠ নেতাগৰাকী । গণেশগুৰিস্থিত আপৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এখন সংবাদমেল আয়োজন কৰি আপ অসমৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী, মুখপাত্ৰ হেমন্ত ফুকন আৰু আপৰ ছাত্ৰ সংগঠন ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে এই কথা সদৰী কৰে ।