গুৱাহাটী, ২ মে’:“ক’ভিডৰ ভেকচিন ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ দেশজুৰি পুনৰ এক ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ভেকচিন লোৱাৰ ফলত বহুলোকৰ বিসংগতিৰ খবৰ পোৱা গৈছে ৷ এইসকল লোকে ভয়-শংকাৰ কবলত পৰি অন্যধৰণে মৃত্যুমুখত পৰিব পাৰে ৷ যি সময়ত সাধাৰণ মানুহৰ মাজত এনে ভয়-শংকাই ত্ৰাসৰ সৃষ্টি কৰিছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰহস্যজনক মৌনতাই আমাক চিন্তিত কৰি তুলিছে" —বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে এই কথা ৷
ক'ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীৰ নিৰৱতাক লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰে আম আদমী পাৰ্টিয়ে ৷ দেশজুৰি ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ তোলপাৰ লাগি থকাৰ সময়তে বিষয়টো লৈ আপৰ মুখপাত্ৰগৰাকীয়ে কয়, "কৰ’ণা অতিমাৰীৰ ভয়াৱহ সময়চোৱাত ভেকচিন প্ৰদানক লৈ দেশজুৰি তোলপাৰ সৃষ্টি হৈছিল । সম্প্ৰতি আকৌ যেন তেনে ভয়ংকৰ দুৰ্দিন উভতি আহিছে ৷
যি সময়ত সমগ্ৰ বিশ্বতে এই মহামাৰী বিয়পি পৰিছিল, তেনে সময়ত প্ৰথমাৱস্থাত ভাৰতৰ প্ৰায় ৮৮% লোকক ভেকচিন প্ৰদান কৰা হৈছিল ৷ শাৰীৰিকভাৱে সক্ষম প্ৰায় ৯৫ % লোকক পৰৱৰ্তী সময়ত চৰকাৰে ভেকচিন প্ৰদান কৰিছিল ৷ ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৪% শতাংশই এপালি আৰু ৬৯% শতাংশই দুপালিকৈ ভেকচিন লৈছিল ৷ ভাৰতৰ মুঠ প্ৰতিষেধক লওঁতাৰ প্ৰায় ৯০ শতাংশই এষ্ট্ৰাজেনেকাৰ ক'ভিশ্বিল্ড ভেকচিন লৈছিল ৷
সংবাদমেলত আম আদমী পাৰ্টিৰ মুখপাত্ৰ গৰাকীয়ে লগতে কয়, "কৰ’ণা কালত চৰকাৰৰ পক্ষৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল যে, দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন ল'ব লাগিব ৷ ভেকচিন নল'লে বিমান, ৰে'ল বা আন কোনো ধৰণৰ ভ্ৰমণৰ ক্ষেত্ৰত দিয়া হোৱা নাছিল অনুমতি ৷ বিদেশ ভ্ৰমণ বা আন্তঃৰাজ্যিক, আন্তঃজিলা ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ বিমানবন্দৰত ভেকচিনৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিবলগীয়া হৈছিল আৰু বহুতকে বলপূৰ্বকভাৱে ভেকচিন ল’বলৈ বাধ্য কৰোৱা হৈছিল ৷