লখিমপুৰ:দক্ষিণ কামৰূপত আমছুৰ এজন স্থানীয় নেতাক দুৰ্বৃত্তই কেইদিনমান পূৰ্বে হত্যা কৰিছিল । ছাত্রনেতাজনৰ হত্যাকাৰীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবীত বুধবাৰে আমছুৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল, ধৰ্ণাৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
ছাত্রনেতাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে লখিমপুৰ উত্তাল কৰিলে আমছুৱে । সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ লখিমপুৰ জিলা সমিতিয়ে বুধবাৰে ছাত্রনেতা হত্যাৰ প্ৰতিবাদত পুৱা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল, ধৰ্ণাৰে উত্তাল পৰিবেশ সৃষ্টি কৰে । দক্ষিণ কামৰূপত আমছু নেতা লোহিত হুছেইনৰ হত্যাৰ বিৰুদ্ধে আমছুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে দক্ষিণ কামৰূপৰ গৰৈমাৰীত যোৱা ১৬ নৱেম্বৰত আমছুৰ স্থানীয় নেতা লোহিত হুছেইনক বৰ্বৰভাৱে হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি আমছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । সিদিনা নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান চলি থকা অৱস্থাত হেজাৰ হেজাৰ মানুহৰ সমাগমত স্থানীয় আমছু নেতা লোহিত হছেইনক কেইজনমান দুস্কৃতিকাৰীয়ে ডেগাৰেৰে হানি খুচি হত্যা কৰে ।
এই বৰ্বৰ হত্যাকাণ্ডৰ লগত জড়িতক অতি শীঘ্রে কৰায়ত্ত কৰি ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে । তেওঁলোকে লোহিত হুছেইনৰ হত্যাকাণ্ডৰ প্ৰকৃত সত্যাসত্য নির্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে উক্ত হত্যাকাণ্ডৰ তদন্ত কৰা, লোহিত হুছেইনৰ পিতৃ আবুল হুছেইনে ১৭ নৱেম্বৰত গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে 128/24 নম্বৰত এক গোচৰ ৰুজু কৰে ।