অসম

assam

ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন সেৱাৰ প্ৰৱৰ্তন - Barpeta Medical College - BARPETA MEDICAL COLLEGE

Barpeta Medical : নৱজাতকৰ অভিভাৱকৰ হাতত কৰ্তৃপক্ষই তুলি দিয়ে জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আধাৰ নম্বৰ ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ ৷

BARPETA MEDICAL COLLEGE
বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:33 PM IST

বৰপেটা, 21 জুন : বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষৰ অভিনৱ পদক্ষেপ ৷ চিকিৎসা মহাবিদ্যালয়খনৰ পৰা প্ৰসূতি মাতৃৰ ডিচাৰ্জৰ সময়তে চিকিৎসালয় কৰ্তৃপক্ষই নৱজাতকৰ হাতত তুলি দিলে জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আধাৰ নম্বৰ ৷ আজি এই কাৰ্যসূচীৰ আৰম্ভণি স্বৰূপে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ দুটি নৱজাতকৰ অভিভাৱকৰ হাতত কৰ্তৃপক্ষই তুলি দিলে জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ নম্বৰ ৷

বৰপেটা মেডিকেল কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ (ETV BHARAT ASSAM)

শুকুৰবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অধীক্ষক পাৰ্থ প্ৰতীম বৰুৱা, বৰপেটাৰ জিলা অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত আৰু যুটীয়া সঞ্চালকৰ উপস্থিতিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ডিচাৰ্জৰ সময়তে এইদৰে নৱজাতকৰ অভিভাৱকৰ হাতত কৰ্তৃপক্ষই তুলি দিয়ে জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আধাৰ নম্বৰ ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা মতে স্বাস্থ্য বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে এইদৰে প্ৰসূতি মাতৃৰ ডিচাৰ্জৰ সময়তে জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰসূতিৰ ডিচাৰ্জৰ সময়তে নৱজাতকক জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদানৰ বাবে জিলাসমূহৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল সমূহলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিচতে আজি ৰাজ্যত প্ৰথমবাৰৰ বাবে ডিচাৰ্জৰ দিনটোতে দুটিকৈ নৱজাতকৰ অভিভাৱকৰ হাতত জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :এন আৰ চিৰ বায়'মেট্ৰিকত গোর্খাসকলক অন্তৰ্ভুক্ত কৰিবলৈ অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details