অসম

assam

ETV Bharat / state

২৫ হাজাৰ টকাত নিলাম হ'ল এখন বিশেষ গামোচা - GAMOSA AUCTIONED FOR 1000 OF RUPEES

এশ দুশ নহয়, হাজাৰটকীয়া এখন গামোচা ! গামোচা খনৰ বাবে নিলামত উঠিল বৃহৎ ধনৰাশি । কিয় বিশেষ এই গামোচা ?

A special Gamosa auctioned for Rs 25,000 in Nalbari
২৫ হাজাৰ টকাত নিলাম হ'ল এখন বিশেষ গামোচা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 10:56 PM IST

নলবাৰী:এখন গামোচাৰ মূল্য কিমান ! ১০০ অথবা দুশৰ পৰা তিনিশ টকা । যদি গামোচাখনে ধৰ্মীয় উপসনাস্থলীত স্থান পাই তেতিয়া সেই গামোচাখন হৈ পৰে বিশেষ । যাৰ বাবে গামোচখন নিলাম হৈ মূল্য হয় ২৫ হাজাৰ টকাত । হয় নলবাৰীৰ বৰভাগৰ ৰণাকুছিত এখন বিশেষ গামোচাই দৃষ্টি কাঢ়িছে সকলোৰে । গামোচাখন নিলাম কৰিবলৈ মানুহৰ মনত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ ।

বৰভাগৰ ৰণাকুছি বৰগোঁসাই ঘৰৰ বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠান এইবেলি ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । দেওবাৰে উক্ত বাৰ্ষিক হোম যজ্ঞ অনুষ্ঠানৰ আছিল দ্বিতীয় দিন । দ্বিতীয় দিনৰ ৰাতিপুৱাৰে পৰা বিভিন্ন মাংগলিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণৰ শেষত দিনৰ ভাগত উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা । এই ধৰ্মীয় শোভাযাত্ৰাত বৰগোঁসাই ঘৰৰ মূল সিংহাসনৰ লগতে এখন গামোচা পৰিভ্ৰমণ কৰা হয় ।

২৫ হাজাৰ টকাত নিলাম হ'ল এখন বিশেষ গামোচা (ETV Bharat Assam)

য'ত প্ৰতিঘৰ লোকে প্ৰদান কৰে বৰগোসাই ঘৰৰ হকে দান প্ৰক্ৰিয়া । লোকাচাৰ অনুসৰি প্ৰভুৰ এই মূল গামোচাখনত সকলোৱে সামৰ্থ অনুসৰি দান-দক্ষিণা দি সেৱা লয় । অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতিত এই ধৰ্মীয় শোভাযাত্ৰাত পৰিভ্ৰমণ কৰি অহাৰ পিছত এই বিশেষ গামোচাখনৰ হয় নিলাম প্ৰক্ৰিয়া । এই গামোচাখন যিয়ে কিনিব তেওঁলোকৰ পৰিয়ালৰ মংগলময় হোৱা বুলি এক প্ৰবাদ আছে ।

যাৰ বাবে এই বিশেষ গামোচাখন কিনিবলৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হয় ৰণাকুছিৰ বৰগোঁসাই ঘৰৰ বাকৰিত । লোকবিশ্বাস অনুসৰি এই ৰণাকুছি বৰগোঁসাই ঘৰত শুদ্ধ মনেৰে প্ৰভুৰ ওচৰত যি কামনা কৰে সেয়া পূৰ্ণ হয় । সেয়েহে উক্ত বৰগোঁসাই ঘৰৰ বাৰ্ষিক সভাত বহু দূৰ-দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সোঁত বয় ।

২৫ হাজাৰ টকাত নিলাম গামোচা (ETV Bharat Assam)

ৰণাকুছি বৰগোঁসাই ঘৰৰ বাৰ্ষিক সভাত এইবাৰ পোন প্ৰথম বাৰৰ বাবে প্ৰভুৰ শ্ৰীচৰণত এই গামোচাখনেৰে ৰাইজৰ পৰা সংগৃহীত হৈছে দান-দক্ষিণা । বৃহত্তৰ বৰভাগৰ ৰণাকুছিৰ প্ৰতিঘৰ লোকৰ পদূলিৰে এই গামোচাখন চাৰিজন বালকৰ দ্বাৰা শোভাযাত্ৰা কৰি নিয়া হয় । শোভাযাত্ৰা উভতি আহি পুনৰ গোঁসাইঘৰ পোৱাৰ পিছত চাৰি বালকে গামোচাখনত উঠা দান-দক্ষিণাৰ সৈতে জাপি থাপনাত থয় ।

থাপনাৰ সৈতে গামোচাখন ৰাইজৰ উপস্থিতিত পৰৱৰ্তী সময়ত নিলাম প্ৰক্ৰিয়া আৰম্ভ হয় । জানিব পৰা মতে যিয়ে এই গামোচাখন নিলাম কৰে তেওঁ উক্ত ধনৰাশি গোঁসাই ঘৰৰ উন্নয়নৰ কামত খটুওৱা হয় । আনহাতে গামোচাখন ২৫ হাজাৰ টকাত নিলাম কৰিব পাই যথেষ্ট উৎফুল্লিত নগেন কলিতা নামৰ ব্যক্তিজন ।

তেওঁ কয়, "উক্ত গোঁসাইঘৰটোত আমাৰ বহু পুৰণি স্মৃতি জড়িত হৈ আছে । আমি সৰু থাকোতেই আমাৰ দেউতাই উক্ত গোঁসাইঘৰটোত নাম-প্ৰসংগ কৰিছিল । প্ৰতিদিনে পুৱা-সন্ধিয়া নাম-কীৰ্তন কৰিছিল আমাৰ দেউতাই । যাৰ বাবে আমি গোঁসাই ঘৰৰ এই বিশেষ গামোচাখন নিলামত ল'বলৈ আগবাঢ়ি আহিছোঁ ।"

বিশেষ গামোচাখন লৈ শোভাযাত্ৰা (ETV Bharat Assam)

উল্লেখযোগ্য যে নগেন কলিতাই সৰু থাকোতে তেওঁলোকে গুৱাহাটীত থাকিবলৈ লৈছিল । যাৰ বাবে তেওঁলোকে ওপজা গাঁওখনিত পিতৃ আৰু মাতৃৰ স্মৃতি জীয়াই ৰখাৰ প্ৰয়াসেৰে গামচোখন নিলাম কৰি উক্ত গোসাইঘৰটোৰ উন্নয়নত সহায় কৰে বুলি জানিবলৈ দিয়ে । ইপিনে তেওৰ ভগ্নীয়েও গোসাইঘৰৰ গামোচা খন ২৫ হাজাৰ টকাত তেওঁৰ ভাতৃ নগেন কলিতাই নিলাম কৰাৰ বাবে মনত যথেষ্ট সুখ প্ৰকাশ কৰে ।

ভগ্নীয়ে কয়, "আমাৰ পিতৃয়ে ৰণাকুছিৰ বৰগোঁসাই ঘৰটোত সদায় ভাগৱত পাঠ কৰিছিল । আমাৰ পিতৃয়ে নাগাৰা, খোল, শংখ আদি বজাইছিল গোঁসাই ঘৰটোত । যাৰ বাবে আমি গামোচাখন নিলামৰ মাজেৰে শিপা ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ । তেওঁ লগতে কয়, "আমাৰ পিতৃয়ে মৃত্যুৰ পূৰ্বেও গাঁওখনৰ সকলোৰে সৈতে শেষবাৰৰ বাবে মিলিত হৈছিল আৰু মাতৃয়েও সদায় উক্ত গোঁসাই ঘৰটোত চাকি-বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা জনাই গৈছিল । সেই দিনবোৰ সদায় চিৰ সজীৱ কৰি ৰাখিবলৈ গাঁওখনিৰে সম্পৰ্ক আৰু গোঁসাইঘৰটোৰ উন্নয়নৰ হকে সকলোতকৈ অধিক দৰত গামোচাখন নিলাম কৰিছে বুলি আমাক জানিবলৈ দিয়ে ।"

লগতে পঢ়ক:শিপা বিচাৰি মাজুলীত হলেণ্ডৰ যুৱতী ? - GIRL FROM HOLLAND IN MAJULI

শংকৰ সংঘৰ যোৰহাট অধিৱেশন; দুচকুত আৱেগৰ ধল বোৱাই বিদায় মাগিলে সেৱা বাহিনীয়ে - SANKARDEV SANGHA JORHAT SESSION

ABOUT THE AUTHOR

...view details