অসম

assam

তিনি চকাতে ভৰসা : কোলাত ৩ বছৰীয়া কন্যাক লৈ জীৱন সংগ্ৰাম - Self Reliant Woman

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 5:21 PM IST

Self reliant woman: জীৱন যুদ্ধত জোনাইৰ এগৰাকী মহিলা । শালিকী পুৱাতে কোলাত কেঁচুৱাটো বহুৱাই ওলাই যায় নিজৰ ই-ৰিক্সাখন লৈ । কাৰোবাৰ যদি ককৰ্থনা, আন কাৰোবাৰ প্ৰশংসা । তথাপিও থমকিব দিয়া নাই জীৱনৰ চকৰি । এইগৰাকী সাহসী মহিলাৰ বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

A self-Reliant woman driving an e-rickshaw carrying her child in her arms
কোলাত ৩ বছৰীয়া কন্যাক লৈ জীৱন সংগ্ৰাম (ETV Bharat Assam)

জোনাই,১০ আগষ্ট: সময়ে সলাই, সময়ে শিকাই, সময়ে বাধ্য কৰায় । পেটৰ তাড়নাই কৰাই অসাধ্য সাধন । সন্তানৰ দায়িত্বই পুৰুষেই হওক বা মহিলাই হওক সকলোকে যোদ্ধা হ'বলৈ বাধ্য কৰে । ইয়াৰোপৰি মনত অদম্য ইচ্ছা শক্তি আৰু সাহস থাকিলে পুৰুষৰ সমানে সমানে মহিলায়ো কৰিব পাৰে সকলো কাম । তাৰ এক জীৱন্ত উদাহৰণ দাঙি ধৰিছে জোনাইৰ এগৰাকী মহিলাই ।

কোলাত ৩ বছৰীয়া কন্যাক লৈ জীৱন সংগ্ৰাম (ETV Bharat Assam)

জীৱন যুঁজৰ যোদ্ধা ঐপুলি পাচুং:

জীৱনৰ প্ৰায় সকলো হেৰুৱায়ো জীৱনৰ যুঁজখনত নামি পৰিছে ঐপুলি । বিবাহপাশত আৱদ্ধ হোৱাৰ ঠিক এবছৰৰ পিছতে স্বামীক হেৰুওৱা ঐপুলি ৰৈ যোৱা নাই জীৱন যুদ্ধত । অবিৰতভাৱে চলাই গৈছে জীয়াই থকাৰ এক সংগ্রাম । ২০২০ চনত চিলাপথাৰৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এইগৰাকী যুৱতী । কিন্তু বিয়াৰ ঠিক এবছৰৰ পিছতে স্বামীক হেৰুৱাইছিল ঐপুলিয়ে ।

স্বামীক হেৰুওৱাৰ পিছতে জোনাইৰ ২নং মিলনপুৰস্থিত নিজ মাতৃগৃহত থাকি এইদৰে মহিলাগৰাকীয়ে চলাই গৈছে জীয়াই থকাৰ এই সংগ্ৰাম । শালিকী পুৱাতে নিজৰ তিনি বছৰীয়া কন্যা সন্তানটিক কোলাত বহুৱাই নিজৰ ই-ৰিক্সাখন লৈ ওলায় যায় তেওঁ । নিজৰ অদম্য সাহসৰে এই ই-ৰিক্সাখনৰ চকা ঘূৰাই ঘূৰাই ঐপুলিয়ে দিনজুৰি কৰি গৈছে এই জীৱন যুদ্ধ ।

পুৱাই কন্যাক কোলাত লৈ ওলাই গৈ দিনটোত ভাৰা মাৰি পোৱা ধনেৰে ঐপুলিয়ে নিজ মাতৃগৃহৰ লগতে স্বামীগৃহকো চোৱাচিতা কৰিছে এইদৰে । অৱশ্যে তেওঁৰ এনে অদম্য কৰ্মৰাজিক বহু মানুহে প্ৰশংসা কৰিছে যদিও গাঁও অথবা কিছু অঞ্চলত ই-ৰিক্সাখন লৈ গ'লে এগৰাকী মহিলা হৈ এনেদৰে ৰিক্সা চলোৱা বুলি ইতিকিং কৰা বুলিও উল্লেখ কৰে ঐপুলিয়ে । পুৰুষ-মহিলা বুলি কোনো কথা নাই, মনত অদম্য ইচ্ছা শক্তি আৰু সাহস থাকিলে মহিলাৰো কৰিব নোৱাৰা কাম এই পৃথিৱীত নাই ৷ এই আদৰ্শৰে ঐপুলিয়ে এইদৰে দিনে-নিশাই চলাই গৈছে জীয়াই থকাৰ এই সংগ্ৰাম ।

লগতে পঢ়ক:চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি - Self Reliant Woman

মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

ABOUT THE AUTHOR

...view details