অসম

assam

ETV Bharat / state

চালে চকুৰোৱা দৃষ্টিনন্দন সামগ্ৰীবোৰ প্ৰাণ পাই উঠে এগৰাকী ভাস্কৰ্য শিল্পীৰ চিন্তা চেতনাত - DHEMAJI SCULPTURE ARTIST

ছাত্ৰ-ছাত্ৰীক পাঠদানৰ সমান্তৰালভাৱে ভাস্কৰ্য শিল্পত ব্ৰতী এগৰাকী ভাস্কৰ্য শিল্পীয়ে প্ৰস্তুত কৰিছে ৭০ টাৰো অধিক মূৰ্তি ।

sculptor Prabir Gogoi in Dhemaji
ধেমাজিৰ ভৰালীচুক গাঁৱৰ ভাস্কৰ্যশিল্পী প্ৰবীৰ গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 11:21 AM IST

ধেমাজি : শিলৰ টুকুৰা,প্লাষ্টিক আৰু কাঠৰ টুকুৰা আদি নিৰ্জীৱ সামগ্ৰীয়ে যেতিয়া প্ৰাণ পাই উঠে তেতিয়া ক'ব পাৰে ইতিহাসৰ কথা । চালে চকুৰোৱা দৃষ্টিনন্দন এই সামগ্ৰীবোৰ প্ৰাণ পাই উঠে কোনোবা ভাস্কৰ্য শিল্পীৰ চিন্তা চেতনাত ৷ এগৰাকী ভাস্কৰ্য শিল্পীৰ চিন্তা আৰু সৃষ্টিশীলতাই দাঙি ধৰিব পাৰে সমন্বয় আৰু সুন্দৰ আৰু ঐতিহাসিক ধাৰণাৰ বিষয়ে ৷

এনে এক সৃষ্টিশীল মন লৈয়ে এই শিল্প কৰ্মৰ লগত জড়িত হৈ আহিছে ধেমাজি নগৰৰ দুই নং ভৰালীচুক গাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক প্ৰবীৰ গগৈ ৷ তেওঁ 2012 চনৰে পৰা এই কামত জড়িত হৈ ইতিমধ্যে 70ৰ অধিক মূৰ্তি নিৰ্মাণ কৰি জিলাখনৰ ঐতিহাসিক স্থানসমূহৰ উপৰি বাহিৰলৈ প্ৰেৰণ কৰিছে ৷ বিভিন্ন সময়ত তেওঁৰ হাতলৈ অৰ্ডাৰ অহাৰ পিছত ঘৰৰ চোতালত দিনে-নিশায়ে ব্যস্ত হৈ পৰে আৰু আজৰি সময়ত নিজৰ ঘৰৰ বাবে দুই এপদ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াই আনন্দ লাভ কৰে ৷ সেয়ে শিল্পীগৰাকীৰ ঘৰৰ বাহিৰে-ভিতৰে বিৰাজমান হৈ আছে বৌদ্ধ মূৰ্তিৰ পৰা শংকৰদেৱৰ ভাস্কৰ্য চিত্ৰলৈকে ৷

ধেমাজিৰ ভৰালীচুক গাঁৱৰ ভাস্কৰ্যশিল্পী প্ৰবীৰ গগৈ (ETV Bharat Assam)

এই প্ৰসংগত প্ৰবীৰ গগৈয়ে কয়,“ মই 2012 চনৰে পৰা কাম আৰম্ভ কৰিছো ৷ মই প্ৰথমে নাটক শিকিছিলো ৷ গুৱাহাটীৰ কলাক্ষেত্ৰত নাটকৰ কৰ্মশালা কৰোতে মুখাশিল্পৰ সৈতে পৰিচয় ঘটে ৷ ইয়াৰ পৰাই কিছুমান কাম কৰিব পাৰি বুলি অনুমান কৰি ঘৰত আহি শিকিছিলো ৷ ধেমাজিৰ কেইজনমান চিত্ৰশিল্পত জড়িত বিশিষ্ট ব্যক্তি ক্ৰমে ড৹ পুষ্প গগৈ,অসীম দত্ত,ৰজনী সন্দিকৈ,সূৰ্য বৰুৱাৰ দৰে ব্যক্তিসকলৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আগবাঢ়িছিলো ৷ "

ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)
ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)

তেওঁ পুনৰ কয়," লকডাউনৰ সময়ত ধেমাজিৰ ঐতিহাসিক ঘুগুহা দলত চাৰিটা কংক্ৰিটৰ ড্ৰেগন নিৰ্মাণ কৰা হৈছিল ৷ এতিয়ালৈকে 70ৰ অধিক বিভিন্ন থিমৰ আৰ্হিত সামগ্ৰী নিৰ্মাণ কৰা হৈছে ৷" এই কামটো কৰি সুখী অনুভৱ কৰি তেওঁ কয়, “ ই সৃষ্টিশীল কাৰ্য,গতিকে ইয়াৰ প্ৰভাৱ সমাজত পৰিবই ৷ যিহেতু বস্তুবোৰ নিৰ্মাণ কৰা দেখিলে বিভিন্নজনে আৰু ওচৰ-চুবুৰীয়াই আহি চাই সন্তুষ্টি লভা দেখিবলৈ পোৱা য়ায় ৷ গতিকে সমাজত ভাল প্ৰভাৱ পৰিব ।”

ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)
ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)

ভাস্কৰ্য শিল্পীৰ বাবে বজাৰৰ অভাৱ :

ধেমাজিত আঙুলিৰমূৰত গণিব পৰা কেইজনমান এনে শিল্পী আছে যদিও বজাৰৰ অভাৱত সমস্যাৰ সন্মুখীন হৈ অহা বুলি তেওঁ উল্লেখ কৰি কয়,“ধেমাজিত এতিয়ালৈকে এনে এখন বজাৰ নাই ৷ যিটো মূল্য পাব লাগে সেয়া পাবলৈ ধেমাজিত বজাৰ গঢ় লৈ উঠা নাই ৷ লাহে লাহে হৈছে ৷ ধেমাজিতো বিভিন্নজনে কাম কৰি আছে ৷ কিন্তু সময় লাগিব ৷”

ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)

ছাত্ৰ ছাত্ৰী সমাজলৈ ইতিবাচক বাৰ্তা:

এনে কাৰ্য ছাত্ৰ-ছাত্ৰী সমাজলৈ ইতিবাচক বাৰ্তা বুলি উল্লেখ কৰি তেওঁ কয়,“যেতিয়া সৃষ্টিশীল কাম কৰা হয়,তেতিয়ৰ আনন্দ পোৱা যায় । তেতিয়া সেই আনন্দই এজন ছাত্ৰ বা উঠি অহা প্ৰজন্মৰ ওপৰত ভাল প্ৰভাৱ পেলায় ৷ কেৱল পুথিগত শিক্ষাটোৱেই সম্পূৰ্ণ নহয়,এনেধৰণৰ শিল্পকলা বিলাক চৰকাৰে সংযুক্ত কৰিলে নিঃসন্দেহে ভাল হ’ব ৷ একাগ্ৰতাৰে কৰি থাকিলে এই কামতো জীয়াই থকাৰ সম্বল হিচাপে গ্ৰহণ কৰিব পাৰি ৷ সেয়ে চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলে এনেধৰণৰ শিল্পী সমাজে উৎসাহী হৈ পৰিব ৷"

ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)
ভাস্কৰ্য শিল্পী প্ৰবীৰ গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তি (ETV Bharat Assam)

লগতে পঢ়ক:চেন্নাইৰ হস্তশিল্প মহোৎসৱত জিলিকিছে মাজুলীৰ শিল্পকলা - Handicrafts Festival in chennai - HANDICRAFTS FESTIVAL IN CHENNAI

পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি - জ্ঞানশ্ৰী আগৰৱালা

ABOUT THE AUTHOR

...view details