ধেমাজি, ২৮ এপ্ৰিল :কাঠফুলা, স্বাস্থ্যৰ বাবে উপকাৰী উচ্চ প্ৰ'টিনযুক্ত দেহৰ বাবে প্ৰয়োজনীয় বিভিন্ন ভিটামিন উপাদানেৰে সমৃদ্ধ এবিধ পুষ্টিকৰ খাদ্য । পিছে জনসাধাৰণৰ মাজত আৰু চৰকাৰী সংশ্লিষ্ট বিভাগৰ সজাগতাৰ অভাৱত এতিয়াও কাঠফুলা মুকলি বজাৰত সৰ্বসাধাৰণ গ্ৰাহকে ক্ৰয় কৰি নিয়মীয়া খাদ্যৰ তালিকাত ৰখাৰ পৰা বিৰত আছে ।
বৰ্তমান বহুলোকে এই খেতি কৰিছে যদিও এতিয়াও বহু শিক্ষিত যুৱক-যুৱতীয়ে এই খেতি কৰা বাবে অনীহা প্ৰকাশ কৰা দেখা ৷ অৱশ্যে ইয়াৰ বাবে স্থানীয় বজাৰ আৰু সচেতনতাৰ অভাৱৰ বাবে গ্ৰাহকে সন্দেহ চকুৰে চোৱা বাবেই হয়তো তুলনামূলকভাৱে অন্যান্য খেতিয়কৰ তুলনাত ইয়াৰ খেতিয়কৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা ।
তৎসত্বেও এই কামটোকে জীৱিকাৰ সম্বল হিচাপে বাছনি কৰি ললে ধেমাজিৰ চিনাই চুক গাঁৱৰ জিতু গগৈয়ে ৷ যোৱা ১২ বছৰে কাঠফুলা খেতি কৰি আহিছে যদিও সম্পূৰ্ণ ব্যৱসায় ভিত্তিত ৮ বছৰৰ পৰা কাঠফুলা উৎপাদনত মনোনিৱেশ কৰিছে ৷ ইয়াৰ আগলৈকে পাচলি ব্যৱসায়ী আছিল যদিও কাঠফুলা প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতেই গাঁঠিৰ ধন ভাঙি আৰম্ভ কৰে প্ৰত্যাহ্বানমূলক এই বৃত্তিটো ৷
কীট-পতংগৰ পৰা সুৰক্ষিত কৰা বাবে বিশেষ পদ্ধতিৰে চাৰিফালে নেট দি মজিয়াখন পকী কৰি সম্পূৰ্ণ সুৰক্ষিত কৰি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বিশুদ্ধ কাঠফুলা উৎপাদন কৰে ৷ পদূলিৰ সন্মুখত লগাই দিয়ে জিতু গগৈ অৰ্গেনিক মাছৰুম কাল্টিভেশ্বন । এই ঘৰটোত তেওঁ ১৬০০টা ধানখেৰৰ দ্বাৰা নিৰ্মিত চিলিণ্ডাৰত কাঠফুলা বীজ ৰোপণ কৰে ৷ যথা সময়ত এটি চিলাণ্ডাৰৰ পৰা ২ৰ পৰা ৩ কেজিলৈকে ওলায় কাঠফুলা ৷
প্ৰথম অৱস্থাত বজাৰৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল । নিজে কাঠফুলাৰ ওপৰত সজাগতা সৃষ্টি কৰি বহুতকে খুৱাইছিল বিনামূলীয়াকৈ ৷ পৰৱৰ্তী সময়তহে ক্ৰমান্বয়ে লাভ কৰিছিল বজাৰখন ৷ উৎপাদিত কাঠফুলাসমূহ ধেমাজিৰ উপৰিও বিভিন্ন অঞ্চলৰ নিৰ্দষ্ট গ্ৰাহকক যোগান ধৰাৰ লগতে বেছি উৎপাদন হ'লে অৰুণাচলৰ পাচিঘাটলৈকে প্ৰেৰণ কৰে ৷