অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

চিত্ৰশিল্পীৰ ৰং-তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য - Mahalaya 2024

Mahalaya celebration: সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ চহৰৰ ভিন্ন অঞ্চলত মা দুৰ্গা দুৰ্গতি নাশিনীৰ অৰ্চনাৰ্থে দেৱী বন্দনা আৰম্ভ হৈছে । স্বৰ্গৰ পৰা মৰ্ত্যলৈ দেৱীক আৰাধনা কৰাৰ সময়তে 'এক্সপ্ৰেচন এ গ্ৰুপ অফ আৰ্ট' নামৰ সংস্থাটোৰ চিত্ৰশিল্পীসকলে বুধবাৰে মা দুর্গাৰ ভিন্ন চিত্ৰ অংকন কৰে তেজপুৰৰ ঐতিহাসিক মা ভৈৰৱী দেৱালয়ৰ সমীপত ।

A different view of Maa Durga painted by a painter in Tezpur
চিত্ৰ শিল্পীৰ ৰং তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য (ETV Bharat Assam)

তেজপুৰ,২ অক্টোবৰ:আজি মহালয়া, শৰতৰ আগমনত ধৰালৈ সংগোপনে নামিল মহিষমৰ্দিনী । আৰম্ভ হ'ল দেৱীপক্ষ । মা দুর্গাৰ আৰাধনাৰ বাবে সকলোৱে একত্ৰিত হৈ এইদৰে পিতৃপুৰুষক স্মৰণ কৰি দেৱীৰ আগমনৰ সময়ছোৱাত অশুভ শক্তিক বিনাশ কৰিবলৈ জনালে আহ্বান । আজিৰে পৰা ৰাজ্য মুখৰিত হ'ব দেৱী বন্দনাৰে । পবিত্ৰ মহালয়াৰ আনন্দ-উল্লাস দেখা পোৱা গৈছে তেজপুৰতো । বিভিন্ন শিল্পীসকলে নিজৰ নিজৰ ৰং-তুলিকাৰে মা দুৰ্গা দেৱীৰ বিভিন্ন ৰূপ ধাৰণৰ দৃশ্য অংকন কৰে । মহিলাসকলে নাৰী সুৰক্ষা প্ৰদানৰ ওপৰত নাৰী শক্তিৰ প্ৰতীক হিচাপে দুৰ্গা দেৱীৰ চিত্ৰ অংকন কৰে ।

আনহাতে, শিশুসকলৰ অংশগ্ৰহণ এক উল্লেখনীয় । কাৰণ শিশুশিল্পীসকলে ৰং-পেঞ্চিলৰে মা দূর্গাৰ চিত্ৰ অংকন কৰাত ব্যস্ত । দুৰ্গা পূজাৰ আগে আগে যিটো অমাৱস্যা তিথি পৰে সেই অমাৱস্যা বা আউসী তিথিত মহালয়া অনুষ্ঠিত হয় । এই চিত্ৰশিল্পীসকলে প্ৰত্যেক বছৰেই মহালয়াৰ বিশেষ দিনটোত এইদৰে চিত্ৰ অংকন কৰি সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰে ।

চিত্ৰশিল্পীৰ ৰং-তুলিকাৰে অংকন মা দুর্গাৰ ভিন্ন দৃশ্য (ETV Bharat Assam)

মহালয়াৰ দিনটোত দেৱীৰ চকুৰ আকাৰ দিয়ে চিত্ৰশিল্পীসকলে । সেইবাবেই তেওঁলোকে দেৱীৰ আগমনৰ সময়ছোৱাত দেৱীক আৰাধনা কৰি এইদৰে দুৰ্গা দেৱীৰ চিত্ৰ অংকন কৰে । হিন্দু ধৰ্ম আৰু পৰম্পৰা অনুসৰি বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা পৃথিৱীলৈ নামি আহে । সেয়ে মহালয়াৰ দিনা পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে তৰ্পণ কৰা হয় ।

লগতে পঢ়ক:মহালয়াৰ পবিত্ৰ ক্ষণত ধুবুৰীত উছৱমুখৰ পৰিবেশ - Mahalaya 2024

মহালয়াৰ পবিত্ৰ ক্ষণত ব্ৰহ্মপুত্ৰৰ পাৰত মা দুৰ্গাক আৰাধনা - Mahalaya 2024

ABOUT THE AUTHOR

...view details