অসম

assam

ETV Bharat / state

মন্ত্ৰী মহন্তই কাৰ ভৰিত পিন্ধালে ছেণ্ডেল ? একুৰি চাৰি বছৰীয়া প্ৰতিজ্ঞা পূৰণ হ'ল - AN HONEST POLITICAL WORKER

অকথ্য নিৰ্যাতনৰ বলি হোৱাৰ পাছতো নিজৰ স্থিতিৰ পৰা বিচলিত নোহোৱা এগৰাকী সাধাৰণৰ ৰাজনৈতিক কৰ্মী ৷ ২৪ বছৰে কি প্ৰতিজ্ঞা আছিল কৰ্মীগৰাকীৰ ?

AN HONEST POLITICAL WORKER
২৪ বছৰীয়া প্ৰতিজ্ঞা পূৰণ হ'ল এগৰাকী নিষ্ঠাৱান ৰাজনৈতিক কৰ্মীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 8:55 PM IST

নগাঁও: এবছৰ দুবছৰ নহয়, একেলগে ২৪ বছৰ অপেক্ষাৰ অন্তত পূৰণ হ'ল প্ৰতিজ্ঞা । বহু ঘাত-প্ৰতিঘাত, ভয়, ভাবুকিয়েই নহয় বহু প্ৰলোভনৰো লোভ সামৰি একনিষ্ঠভাৱে ৰাজনৈতিক দলৰ সেৱা আগবঢ়াই অহা নিষ্ঠাৱান কৰ্মী আজিও আছে এইখন স্বাৰ্থপৰ জগতত । কেৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেই সকলো নীতি-আদৰ্শক জলাঞ্জলি দিয়া লোকৰ অভাৱ নোহোৱা অসমৰে এগৰাকী তৃণমূল পৰ্যায়ৰ অতি সাধাৰণ কৰ্মীয়ে দেখুৱালে নিজৰ দলৰ প্ৰতি থকা আস্থা আৰু নিজৰ সততা ।

অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ এগৰাকী অতি নিষ্ঠাবান সাধাৰণ কৰ্মীৰ কথাই কৈছো । নাম অতুল দেৱনাথ । পূৰ্বৰ চামগুৰি সমষ্টিৰ তথা সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ পাছত এতিয়া কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা আমনিৰ সমীপৰ খলিহামাৰীৰ অতুল দেৱনাথ নামৰ লোকজন অগপ দলৰ এগৰাকী অতি নিষ্ঠাৱান কৰ্মী । ১৯৯২ চনৰ পৰা অসম গণ পৰিষদ দলৰ এগৰাকী কৰ্মী হিচাপে কৰ্ম সম্পাদন কৰা অতুল দেৱনাথে ২০০১ চনতে কৰা এটা প্ৰতিজ্ঞা অৱশেষত পূৰণ হ'ল ২৪ বছৰৰ অন্তত ।

নিষ্ঠাবান অগপ কৰ্মী অতুল দেৱনাথ (ETV Bharat Assam)

কি আছিল অতুল দেৱনাথৰ প্ৰতিজ্ঞা ?

১৯৯২ চনৰ পৰা অগপ দলৰ এগৰাকী কৰ্মী হিচাপে সেৱা আগবঢ়োৱা চামগুৰিৰ খলিহামাৰীৰ অতুল দেৱনাথৰ ২০০১ চনতে প্ৰতিজ্ঞা কৰিছিল এটা বিশেষ কাৰণত । কাৰণো আছিল ৰাজনৈতিক । মানে ২০০১ চনত চামগুৰি সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিজয়ী হৈছিল কংগ্ৰেছৰ ৰকিবুল হুছেইন । সেই সময়তেই প্ৰতিজ্ঞাবদ্ধ হৈছিল খলিহামাৰীৰ অতুল দেৱনাথ । এসময়ত অগপৰে শক্তিশালী দুৰ্গ থকা চামগুৰি সমষ্টিৰ পৰা সেই সময়ৰ অগপ প্ৰাৰ্থী অতুল শৰ্মা পৰাজিত হোৱাৰ দুখতেই সমষ্টিটোৰ পৰা অগপ জয়ী নোহোৱা পৰ্যন্ত ভৰিত কোনো ছেণ্ডেল অথবা জোতা পৰিধান নকৰাৰ প্ৰতিজ্ঞা কৰিছিল অগপৰ অতি সাধাৰণ কৰ্মী অতুল দেৱনাথে ।

মন্ত্ৰী কেশৱ মহন্তৰ লগত অতুল দেৱনাথ (ETV Bharat Assam)

কিন্তু প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ পাছতেই চামগুৰি সমষ্টিৰ পৰা একেৰাহে পাঁচটাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনত জয়ী হৈছিল কংগ্ৰেছৰ ৰকিবুল হুছেইন । কেৱল সেয়াই নহয়, ২০০১ চনৰ পৰা ২০১৬ চনলৈকে একপ্ৰকাৰ শোচনীয়ই হৈ পৰিছিল আঞ্চলিক দল অগপৰ ভেটি । বিগত ২৪ বছৰে সমষ্টিটোৰ পৰা অগপ প্ৰাৰ্থী জয়ী নোহোৱাত ২৪ বছৰে খালী ভৰিৰেই চলা-ফুৰা কৰি আছিল এইগৰাকী অতুল বৰাই । শীত-বৰষুণ সকলো নেওচি কেৱল প্ৰতিজ্ঞা পূৰণ নোহোৱাৰ বাবেই খালী ভৰিৰেই চলা ফুৰা কৰিছিল অতুল দেৱনাথে । সকলো সভা, সমিতি, বিয়া আদি অনুষ্ঠানতো খালী ভৰিৰেই অংশগ্ৰহণ কৰিছিল অতুল দেৱনাথে । কেৱল এয়াই নহয় ৰাজ্যৰ বাহিৰতো খালী ভৰিৰেই ভ্ৰমণ কৰিছিল অতুল দেৱনাথে ।

মন্ত্ৰী কেশৱ মহন্তৰ লগত অতুল দেৱনাথ (ETV Bharat Assam)

ভয় ভাবুকিৰো সন্মুখীন হৈছিল অতুল দেৱনাথ:

২০০১ চনৰ পৰা ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ লগতে চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে ৰকিবুল হুছেইন নিৰ্বাচিত হোৱাৰ লগতে মন্ত্ৰিত্ব লাভ কৰাৰ পাছৰ পৰাই সমষ্টিটোৰ নিষ্ঠাবান অগপ কৰ্মীগৰাকী বহু ভয়-ভাবুকিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ই টিভি ভাৰতৰ সন্মুখত উচুপি উঠিল অতুল দেৱনাথ । অগপ বিজেপি মিত্ৰজোঁট অসমত শাসনলৈ অহাৰ পূৰ্বে চামগুৰিত বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন হোৱা বুলি কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে অগপ কৰ্মী অতুল দেৱনাথে । আনকি বিভিন্নজনে তাচ্ছিল্য কৰাৰ লগতে শৰীৰৰ প্ৰস্ৰাৱ কৰাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে অগপ কৰ্মী অতুল দেৱনাথে ।

২৪ বছৰীয়া প্ৰতিজ্ঞা পূৰণ হ'ল এগৰাকী নিষ্ঠাৱান ৰাজনৈতিক কৰ্মীৰ (ETV Bharat Assam)

২৪ বছৰ পাছত ছেণ্ডেল পৰিধান অতুল দেৱনাথৰ:

২০০১ চনতেই চামগুৰি সমষ্টিৰ পৰা অগপ দল জয়ী নোহোৱা পৰ্যন্ত ছেণ্ডেল-জোতা পৰিধান নকৰাৰ প্ৰতিজ্ঞা কৰাৰ ২৪ বছৰ অপেক্ষাৰ অন্তত অৱশেষত পূৰণ হ'ল অতুল দেৱনাথৰ প্ৰতিজ্ঞা । বিগত উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা অগপ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাৰ পাছত প্ৰতিজ্ঞা ভংগ কৰে সাধাৰণ কৰ্মী অতুল দেৱনাথে । ইতিমধ্যে অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দুযোৰ ছেণ্ডেল উপহাৰ হিচাপে প্ৰদান কৰি প্ৰতিজ্ঞা ভংগ কৰায় । আৰ্থিকভাবেও দুৰ্বল অগপ দলৰ এইগৰাকী নিষ্ঠাৱান কৰ্মীক দলটোৱে কিদৰে সহায় কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব । কৰ্মীগৰাকীৰ এনে কাৰ্যৰ প্ৰশংসাও কৰিছে স্থানীয় লোকে ।

নিষ্ঠাবান অগপ কৰ্মী অতুল দেৱনাথ (ETV Bharat Assam)

আজিৰ যুগত ২৪ বছৰে নিজৰ প্ৰতিজ্ঞা পূৰণ নোহোৱাৰ বাবেই ছেণ্ডেল পৰিধান নকৰাই নহয়, সকলো ভয়-ভাবুকি আৰু প্ৰলোভন আওকাণ কৰি নিষ্ঠাৰে সেৱা আগবঢ়োৱা এনে কৰ্মী হয়তো আদৰ্শস্বৰূপ হ'ব বহু নেতাৰ বাবেই ।

লগতে পঢ়ক:মিছা কথা ক'বলৈহে জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details