নলবাৰী,৬ জুলাই:ৰাজ্যৰ চাৰিওদিশে বান বিভীষিকা । বানত ডুবিছে অসমৰ ৩০ খন জিলাৰ লাখ লাখ লোক । বানত উটি গৈছে বহুজনৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি । বানে সৃষ্টি কৰা দুৰ্যোগৰ সময়ত ঠায়ে ঠায়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই । কৰ'বাত যদি খোৱাপানীৰ সমস্যা, আন কৰ'বাত আকৌ খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে দিন কটাইছে বন্যাৰ্তই । সমান্তৰালকৈ পশুধনৰ খাদ্য সংকটত পৰিছে বন্যাৰ্তই । চাৰিওফালে কেৱল বন্যাৰ্তৰ চকুপানী । আনফালে নেতাসকলৰ প্ৰতিশ্ৰুতি ।
নলবাৰীতো ব্ৰহ্মপুত্ৰৰ বানে বিগত কেইবাদিন ধৰি চৰাঞ্চলত ধাৰণ কৰিছে ভয়াৱহ ৰূপ । নলবাৰীৰ চৰাঞ্চলৰ প্ৰতিটো চৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱা সদৃশ পৰিৱেশ । চৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈ স্থানান্তৰিত কৰি কিছু বন্যাৰ্তক যদিও আশ্ৰয় শিবিৰৰলৈ অনা হৈছে, আন বহুতেই আকৌ উক্ত অঞ্চলতেই বানৰ সৈতে সহবাস কৰিবলগীয়া হৈছে । কিন্ত নলবাৰী জিলাৰ এইসকল বন্যাৰ্তই কোনো চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
দুদিন পূৰ্বে স্থানীয় বিধায়ক দিগন্ত বৰ্মন আৰু কংগ্ৰেছৰ এটা সঁজাতি দলে কিছু বান সাহায্য লৈ চৰলৈ গৈছিল যদিও সেয়া পৰ্যাপ্ত নহয় । চৰকাৰৰ দৃষ্টিত নপৰা এইসকল বন্যাৰ্তৰ কাষত নিজাববীয়াকৈ পৰ্যাপ্ত পৰিমাণে কিছু বান সাহায্য লৈ থিয় দিছে এটা দম্পতী । তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা বন্যাৰ্তক কিছু পৰিমাণে সকাহ দিবলৈ উপস্থিত দম্পতীটো । চৰাঞ্চলৰ যুৱ সমাজকৰ্মী চফেদুৰ ৰহমান আৰু তেওঁৰ পত্নী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী মমতাজ খাতুনে ভাংনামাৰী অঞ্চলত বান পৰিস্থিতি পৰিদৰ্শন কৰে ।