যোৰহাট :উখল-মাখল পৰিৱেশ যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত । কিয়নো শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী । অধিৱেশনৰ ৯০ শতাংশ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । আটকধুনীয়া হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । সংঘৰ ৩৫ খন উপ-সমিতিৰ তত্বাৱধানত অধিৱেশনৰ কাম পূৰ্ণগতিত চলি আছে ।
আনহাতে অধিৱেশনস্থলীত থকা ৰন্ধনশাল আৰু ভোজনালয়ৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো ৪ দিনত প্ৰায় ১০-১২ লাখ ভকত-বৈষ্ণৱক আপ্যায়নৰ পৰিকল্পনা কৰিছে সংঘৰ আদৰণি সমিতিয়ে । আদৰণি সমিতিৰ উপ-সভাপতি বেদকমল বৰাই জানিবলৈ দিয়া মতে ৩৫ খন উপ-সমিতিৰ তত্বাৱধানত অধিৱেশনৰ প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ হৈছে । প্ৰায় ১০ ৰ পৰা ১২ লাখৰো অধিক লোকৰ আপ্যায়নৰ বাবে বৃহৎ আকাৰৰ ৰন্ধন শাল আৰু ভোজনালয় সাজি উলিওৱা হৈছে ।
বিশাল ৰন্ধনশাল আৰু ভোজনালয়
উপ-সভাপতি বেদকমল বৰাই কয়, "ৰন্ধনশালত ইতিমধ্যে ২০০ টা চৌকা নিৰ্মাণ কৰি উলিওৱা হৈছে । এই ৰন্ধনশালত এটা সময়ত ৩০০ ৰন্ধনকৰ্মী আৰু ২০০ সহায়িকাই কাম কৰাৰ লগতে দৈনিক ১০০০ গৰাকী ৰন্ধনকৰ্মীয়ে ভক্তৰ বাবে সিদ্ধ প্ৰস্তুত কৰিব । ভোজনালয়ত এটা সাজত একেলগে প্ৰায় ১০ হাজাৰৰো অধিক ভক্তই সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু সিদ্ধ গ্ৰহণ কৰা ভোজনালয়ত কেন্দ্ৰীয় সেৱা বাহিনীৰ ৪ হাজাৰ সেৱক-সেৱিকাই দৈনিক সেৱা আগবঢ়াব ।"