গুৱাহাটী, 6 জুলাই :38 ঘণ্টা উকলিল যদিও বৰ্তমানেও কোনো সন্ধান নাই উন্মুক্ত নলাত বৃহস্পতিবাৰৰ নিশা উটি যোৱা 8 বছৰীয়া অবিনাশৰ ৷ বৃহস্পতিবাৰৰ নিশা পিতৃৰ সৈতে ঘৰলৈ ওভতি অহাৰ সময়তে স্কুটীৰ পৰা পৰি নলাত উটি গৈ বৰ্তমানেও নিখোজ হৈ আছে গুৱাহাটী নিবাসী 8 বছৰীয়া শিশুটি ৷
দেউতা-দেউতা মোক টানি দে, টানি দে...
নলাৰ কোবাল সোঁতত পৰি ভয়ত আতুৰ হৈ 8 বছৰীয়া অবিনাশে দেউতা-দেউতা মোক টানি দে, টানি দে... বুলি মৰণকাতৰ আৰ্তনাদ কৰিছিল । কিন্তু পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে 8 বছৰীয়া শিশুটিক বহু গভীৰলৈ লৈ গ’ল ৷ যাৰ ফলত প্ৰায় 39 ঘন্টা উকলাৰ পাচতো কোনেও সন্ধান উলিয়াব পৰা নাই অবিনাশ সৰকাৰৰ ।
নলাই নলাই পুত্ৰক বিচাৰি ফুৰিছে দুৰ্ভগীয়া পিতৃয়ে
পুত্ৰক বিচাৰি ঘৰ-দুৱাৰ এৰিছে অবিনাশ সৰকাৰৰ দুৰ্ভগীয়া পিতৃয়ে ৷ প্ৰশাসনলৈ বাট নাচাই ঘটনা সংঘটিত হোৱাৰ পাচতে অৰ্থাৎ বৃহস্পতিবাৰৰ নিশাৰে পৰা পুত্ৰক বিচাৰি পিতৃয়ে নলা-নৰ্দমাত চলাইছিল মাৰাথন অভিযান । পুত্ৰক বিচাৰি নাপায় পথৰ দাঁতিতে নিশা কটাবলৈ বাধ্য হ’ল দুৰ্ভগীয়া পিতৃয়ে ।
এন ডি আৰ এফ, স্নীফাৰ ডগ নিয়োগ
24 ঘণ্টা ওকলি যোৱাৰ পাচতো কোনো সন্ধান নোলোৱাত শনিবাৰৰে পৰা পুনৰ অবিনাশৰ সন্ধানত এন ডি আৰ এফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে । স্নীফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে । শুকুৰবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত অভিযান চলোৱাৰ পিছতো সন্ধানহীন অবিনাশ ৷ ছেণ্ডেলযোৰ উদ্ধাৰ হ'ল যদিও অবিনাশৰ সন্ধানত বৰ্তমানেও অব্যাহত অভিযান ।
দুৰ্ভগীয়া পৰিয়ালৰ কাষত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ
আজি দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসকীয় চৰকাৰখনৰ উন্নয়নমূলক আঁচনিবোৰক সমালোচনা কৰি কয়, "উত্তৰ-পূবৰ দূৱাৰমুখ হিচাপে চিহ্নিত গুৱাহাটী মহানগৰীক যি সময়ত চৰকাৰে দক্ষিণ-পূব এছিয়াৰ গেটৱে হিচাপে গঢ়ি তুলিব বুলি সময়ে সময়ে ঘোষণা কৰি আহিছে ৷ সেই সময়ত মহানগৰীত সৃষ্টি হোৱা অকল্পনীয় বান পৰিস্থিতি আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা ঘটনাই চৰকাৰৰ ফোপোলাস্বৰূপ উদঙাই দেখুৱাই দিছে ।’’