অসম

assam

এইবৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড বহুতো উন্নত হৈছে: শিক্ষামন্ত্ৰী - Rongali bihu 2024

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:54 PM IST

Jonai Central Rongali Bihu Sanmilan :বৃহস্পতিবাৰে সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৫৬ সংখ্যক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হয় । এই বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া বোলছবি জগতৰ মোহময়ী নায়িকা ৰিম্পী দাস আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷

Rongali bihu 2024
এইবৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড বহুতো উন্নত হৈছে- শিক্ষামন্ত্ৰী (ETV BHARAT ASSAM)

এইবৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড বহুতো উন্নত হৈছে- শিক্ষামন্ত্ৰী (ETV BHARAT ASSAM)

জোনাই, ৯ মে’ :ৰাজ্যজুৰি অব্যাহত আছে ৰঙালী বিহু উদযাপন ৷ বৃহস্পতিবাৰে সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু TMPK, MMK, TMMK ৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সহযোগত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগনত 9 মে’ৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৬ সংখ্যক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হয় ।

এই কাৰ্যসূচীৰ অংশস্বৰূপে পুৱাৰ ভাগতে সমূহীয়া চাফাই অভিযান কৰি গছপুলি ৰোপন কৰে ৷ ইয়াৰ পিচতে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্থায়ী সভাপতি কমলা শৰ্মা আৰু উদযাপন সমিতিৰ সভাপতি জ্ঞান শৰ্মাৰ লগতে ৫৬ গৰাকী জোনাইৰ বিশিষ্ট ব্যক্তিসকলক লৈ পতাকা উত্তোলন কৰাৰ লগতে স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক দীপ কলিতা আৰু উদযাপন সমিতিৰ সম্পাদক কলিং দ’লেয়ে স্মৃতি তর্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিকূল বতৰৰ মাজতে জোনাইৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । এই সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া বোলছবি জগতৰ মোহময়ী নায়িকা ৰিম্পী দাস আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৯ টাতকৈও অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলে অংশগ্ৰহণ কৰে ৷

জোনাইৰ আৱৰ্ত্ত ভৱন প্ৰাংগনৰ পৰা জোনাই বজাৰ হৈ এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিহু সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, জোনাইৰ দৰে অতি পিচপৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ, ভাষা নিৰ্বিশেষে একেলগ হৈ অসমৰ বাপুতি সাহোন ৰঙালী বিহুক জীয়াই ৰাখিছে, এইয়া খুবেই প্ৰশংসনীয় ৷ পৰৱৰ্তী সময়তো এইদৰেই বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো একলগ হৈ সকলো জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰাখিবলৈ ৰাইজক আহ্বান জনায় ।

ইয়াৰ পিচত পৰম্পৰাগত খাদ্যমেলা উদ্বোধনী, বিহুতলী উদ্বোধন আৰু সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰা হয় । আনহাতে দিনৰ ভাগৰ কাৰ্যসূচী অনুসৰি জোনাই গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়ন্ত বড়িয়ে পৰম্পৰাগত খাদ্যমেলা উদ্বোধন কৰে ৷

লগতে পঢ়ক:ধেমাজিত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গাঁও পৰিদৰ্শন কংগ্ৰেছৰ - Hailstorm hits Assam

ABOUT THE AUTHOR

...view details