অসম

assam

ETV Bharat / state

ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত ৫৬ টাকৈ ম'হ বলি-উচৰ্গা

Durga Puja 2024: মহাষ্টমী আৰু মহানৱমীত ৰাজ্য়ত উখল-মাখল পৰিৱেশ । কুমাৰী পূজাৰে দেৱী বন্দনা ।

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 7:37 PM IST

Nalbari Durga Puja 2024
বিল্বেশ্বৰ দেৱালয়ত ম'হ বলি-উচৰ্গা (ETV Bharat Assam)

নলবাৰী, ১১ অক্টোবৰ:শাৰদীয় দুৰ্গোৎসৱক লৈ উখল-মাখল ৰাজ্য । আজি মহাষ্টমী আৰু মহানৱমী । শক্তিৰ অধিষ্ঠাত্ৰী মা দেৱীৰ মহাষ্টমী আৰু মহানৱমী বিহীত পূজা মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৰূপত কৰা হয় । ৰাজ্য়ৰ আন ঠাইৰ লগতে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত শুক্ৰবাৰে পুৱাৰে পৰাই ভক্তই ভিৰ কৰে । এইবাৰ দেৱালয়খনত ভক্তই আগবঢ়াই ৫৬ টাকৈ ম'হ । ইয়াৰে কিছু সংখ্যক উচৰ্গা আৰু কিছু বলি দিয়া হয় ।

উল্লেখ্য় যে শক্তিপীঠখনত ৯ বজাৰ পিছতে আৰম্ভ হয় নৱমী বিহীত পূজা । কোনো মূৰ্তি অবিহনে দেৱালয়খনত এডাল ৰামকল পুলিক দেৱী সজাই কৰা হয় আৰধনা । সাহপুৰৰ এঘৰৰ ৰামকলৰ পুলি পূজা অৰ্চনা কৰি দেৱী সজাই দেৱালয়খনত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হৈছিল ।

বিল্বেশ্বৰ দেৱালয়ত ম'হ বলি-উচৰ্গা (ETV Bharat Assam)

বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত কুমাৰী পূজা

সমগ্ৰ ৰাজ্যতে পুৱাৰে পৰাই জাক-জমকতাৰে সজাই তোলা পূজাস্থলীসমূহত দেখা যায় উখল মাখল পৰিবেশ । কিন্তু তাৰ বিপৰীত নলবাৰীৰ এখন পূজাত আধ্যাত্মিকতাক গুৰুত্ব প্ৰদান কৰা হয় । জিলাখনৰ মুকালমুৱাৰ আদাট্টাৰীৰ এখন পূজাস্থলীত সম্পূৰ্ণ আধ্যাত্মিকতাক গুৰুত্ব দি নৱমীৰ দিনা পালন কৰি অহা হৈছে কুমাৰী পূজা । বাবা নিত্যানন্দ ব্ৰহ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা আদাট্টাৰীৰ বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰ প্ৰাঙ্গণৰ পূজাস্থলীত প্ৰতিবছৰে জাক-জমকতাৰ বিপৰীতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আধ্যাত্মিকভাৱে পালন কৰা হয় দুৰ্গতিৰ নাশিনীৰ পূজা ।

ইয়াত নৱমীৰ দিনা অনুষ্ঠিত হয় কুমাৰী পূজা । সেই উপলক্ষে ইয়াত ৯ গৰাকী কুমাৰী ছোৱালীক দেৱী দুৰ্গাৰ ৯ টা ৰূপত সজাই অনুষ্ঠিত কৰা হয় কুমাৰী পূজাৰ । উল্লেখ্য় যে এই পূজাখনত দেৱী দুর্গাৰ প্ৰতিমা অবিহনে পূজা অৰ্চনা কৰা হয় । এই পূজাভাগৰ আছে আন এক বিশেষত্ব । ভক্তই যি মনোকামনা লৈ মাৰ ওচৰত আশীষ লয় সেয়াই পুৰণ হয় বুলি এক লোকবিশ্বাস আছে ।

লগতে পঢ়ক:প্ৰতিপদ তিথি উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰিৰ পূজা আৰম্ভ - Navratri 2024

অৰ্ধশতাধিক ম’হ বলিৰে অনুষ্ঠিত হ’ব ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা - Durga Puja 2024

ABOUT THE AUTHOR

...view details