মৰিগাঁও : সোমবাৰে পুৱা মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ঝাৰগাঁও অঞ্চলত গঁড়ৰ আক্ৰমণত এজন ৫৫ বছৰীয়া ব্যক্তি আহত হয় । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ এগৰাকী বিষয়াৰ মতে, বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই যোৱা এটা গঁড়ে সোমবাৰে পুৱা লোকজনক আক্ৰমণ কৰে ৷ এই বিষয়ে জানিব পৰা মতে, আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন সংমণ্ডৰ বিষয়া প্ৰাঞ্জল বৰুৱাই সংবাদ সংস্থা ANIক জনোৱা মতে, আজি পুৱা প্ৰায় ৬ বজাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত থকা ঝাৰগাঁও অঞ্চলত কৃষ্ণ দাস (৫৫) নামৰ এজন ব্যক্তিক গঁড়ে আক্ৰমণ কৰে ।
"পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য বন সংমণ্ডলৰ এটা দলে ততাতৈয়াকৈ আহত ব্যক্তিজনক ঝাৰগাঁও PHC লৈ নিয়ে । জানিব পৰা মতে, ব্যক্তিজন সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GMCH লৈ প্ৰেৰণ কৰা হৈছে ।’’ বন বিষয়াগৰাকীয়ে কয় ।
পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে আৰু কয় যে স্থানীয় লোকৰ সহায়ত উক্ত স্থানত বন বিভাগৰ আন এটা দলে টহল দি আছে ৷ লগতে কৃষ্ণ দাসক খুন্দিওৱা গঁড়টোৰ অৱস্থান নিৰ্ণয় কৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ নিৰাপদে ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে ৷
ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত গঁড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু হৈছিল । নিহত ব্যক্তিজন কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ কচুতলী অঞ্চলৰ বাসিন্দা ছাদ্দাম হুছেইন (৩৭) বুলি জানিব পৰা গৈছে । (ANI)