বঙাইগাঁও, ১৭ মে’ :দেশজুৰি ছোৱাইন ফ্লুৰ আতংকতা অব্যাহত থকাৰ পিচতে শুকুৰবাৰে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত অসম ৰে’ল আৰক্ষীৰ অভিযান । অসম ৰে’ল আৰক্ষীৰ অভিযান কালত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনৰ পৰা জব্দ কৰা হয় ৫০ টা বাকচ ভৰ্তি সোণালী কুকুৰা ৷ বহিঃৰাজ্যৰ পৰা অবৈধ ভাবে সৰবৰাহ কৰা হৈছি এই সোণালী কুকুৰাৰ বাকচ কেইটা ।
জানিব পৰা মতে, এটা বাকচত পান জপাদি 22 টাকৈ সোণালী জাতৰ কুকুৰা লৈ আনিছিল । ইতিমধ্যে এনেধৰণৰ প্ৰায় 50 টা বাকচ সোণালী কুকুৰা জব্দ কৰে অসম ৰে’ল আৰক্ষীয়ে । ছিফুং যাত্ৰীবাহী ৰে’লেৰে পশ্চিম বংগৰ ময়নাগুৰিৰ পৰা নিউ বঙাইগাঁও লৈকে লৈ অনা হৈছিল এই কুকুৰাৰ বাকচকেইটা ।
উল্লেখ্য যে, বৰ্তমান ভাৰতৰ কেইবাটাও স্থানত ছোৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লৈছে ৷ অসমৰ বৰাক উপত্যকাত ইতিমধ্যে ছোৱাইন ফ্লুৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ কিন্তু তথাপিও কোনো ধৰণৰ ব্যৱস্থা কৰা নাই প্ৰশাসনে ৷ এতিয়াও ৰে’লপথযোগে আৰু অসম-বংগৰ সীমা শ্ৰীৰামপুৰ গেটেৰে মোটা অংকৰ ধন দি মেনেজ কৰি দুষ্ট চক্ৰই পাৰ কৰি আছে লাখ লাখ বহিঃৰাজ্যৰ কুকুৰা ।