তেজপুৰ:১০ ডিচেম্বৰ, এই দিনটোতেই অসমৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে জাতিৰ বাবে হেৰুৱাইছিল প্ৰাণ । এইগৰাকী ছাত্ৰনেতাৰ স্মৃতিতেই প্ৰতিবছৰে উদযাপন কৰা হয় শ্বহীদ দিৱস । অসম আন্দোলনত ৰাজ্য়ৰ ৮৫৫ গৰাকীৰো অধিক নাগৰিকে স্বদেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ ফলশ্ৰুতিত সম্পাদিত অসম চুক্তিৰ ৪১ বছৰ হ'ল ৷ কিন্তু শ্বহীদ পৰিয়ালে পালেনে স্বীকৃতি তথা সন্মান । অসম চুক্তিয়ে অসমৰ ৰাইজৰ কি দিলে ? কি নাপালে সেই বিষয়ে ব্য়াখ্য়া কৰিলে এগৰাকী শ্বহীদৰ ভাতৃয়ে ।
শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত অসম আন্দোলনত মুঠ ১৩ গৰাকীয়ে অকাল মৃত্যুক সাৱতি লৈছিল । তেজপুৰত বৈজয়ন্তী দেৱী, ৰূপক নাথ, অনুকূল কাকতি, মঞ্জিত দাস, ভূপেন ডেকা, দিলীপ শৰ্মা আৰু সোমেশ্বৰ শইকীয়াৰ লগতে আৰু ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ।
এই সন্দৰ্ভত অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ভাতৃ তথা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে ক্ষোভ প্ৰকাশ কৰি কয়, "যিখন চৰকাৰে অসম চুক্তিক অৱহেলা কৰে, অসম চুক্তিৰ আত্মাক হত্যা কৰি তাৰ বিপৰীতে 'কা' আইন প্রয়োগ কৰে সেই চৰকাৰে শ্বহীদ দিৱস পালন কৰি শ্বহীদক তথাকথিত শ্ৰদ্ধাঞ্জলি জনায় মানুহক প্ৰলোভিত কৰাৰ অধিকাৰ নাই ।"
শ্বহীদ ভাতৃ অলক নাথে ইটিভি ভাৰতক এক সাক্ষাৎকাৰত কয়, "সন্মুখৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মানুহক দেখুৱাই শ্বহীদ দিৱস পালন কৰাৰ পৰা চৰকাৰে বিৰত থাকিব লাগে ।" তেওঁ কয় যে বিশেষকৈ অসম গণ পৰিষদে বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ লগতে অসম চুক্তি ৰূপায়ণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰি 'কা', সমৰ্থন কৰি শ্বহীদ দিৱস পালনৰ নৈতিক অধিকাৰ হেৰুৱাইছে ।
অলক নাথে পুনৰ কয়, "এই সুদীৰ্ঘ সময়ছোৱাত শ্বহীদৰ পৰিয়ালে একমাত্ৰ বঞ্চনাৰ বাহিৰে একো পোৱা নাই । যি উদ্দেশ্যৰে সেই আন্দোলন আৰম্ভ হৈছিল পৰৱৰ্তী সময়ত চুক্তিপত্ৰতে সমাপ্ত হৈ থাকিল । সচেতন বিশ্ববাসীক চিন্তিত কৰি তুলিছিল সেইটো একেবাৰে কিঞ্চিৎ ভাৱেও হৈ নুঠিল । ১৯৮৫ চনত আন্দোলনৰ পৰিসমাপ্তিৰ দিনত চৰকাৰৰ লগত তিনিটা পক্ষই যি চুক্তি স্বাক্ষৰ হৈছিল আৰু এটা নিৰ্দেশ দিছিল । কিন্তু সেই দিনটোৰ পৰা এটা আঞ্চলিক ৰাজনৈতিক দল গঠন হ’ল,পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে । পিছত পুনৰ আঞ্চলিক দলে চৰকাৰ গঠন কৰিলে । কিন্তু ২০১৬ চনত পুনৰ এটা নতুন দলে অসম গণ পৰিষদৰ লগ লাগি চৰকাৰ গঠন কৰিলে আৰু এজন জাতীয় নায়কে মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰে । "
তেওঁ পুনৰ কয়, "অসম চুক্তিৰ দায়িত্ব অৰ্পণ কৰা হয় বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ হাতত । এইবাৰ এই দায়িত্ব পুনৰ অগপৰ সভাপতিৰ হাতত দিলে । পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনো গুৰুত্ব নিদিলে । কিন্তু এতিয়া ৰাজনৈতিক স্বাৰ্থত সেই প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে পুনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুমুহাৰ দৰে আৰম্ভ কৰিছে । কিন্তু প্ৰকৃততে সেই চুক্তিখনৰ সত্তাটোক বাৰে বাৰে হত্যা কৰি আহিছে ।"